শেহতীয়া খবৰ

ভয়াৱহ দিশলৈ গতি কৰিছে অসম,২৪ ঘণ্টাত সাতজনৰ দেহত কোৰোনা

ৰাজ্যত তৃতীয়জন কোৰোনা ৰোগীৰ মৃত্যু ,জিএমচিএইচত গোপীন্দ্ৰ মালাকাৰৰ শেষ নিশ্বাস

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ দেওবাৰে নিশা শতকৰ ঘৰ অতিক্ৰম কৰা ৰাজ্যখনত বিগত ২৪ ঘণ্টাত সাতজনকৈ লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। প্ৰথম অৱস্থাত ৰাজ্যত কোৰোনা আক্ৰান্তৰ সংখ্যা চাৰি-পাঁচ দিনৰ মূৰে মূৰে পৰিলক্ষিত হৈছিল যদিও এতিয়া প্ৰতিদিনে কোৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ফাঁচী বজাৰৰ আলু গুদামৰ পৰা বৃহৎ সংখ্যক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া প্ৰতিদিনে নতুন নতুন ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা সৰুসজাইত থকা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তিনিজনকৈ কোৰোনা আক্ৰান্ত ৰোগীক এম এম চি এইচত স্থানান্তৰ কৰা হয়। এই তিনিওজন ৰোগীয়ে বহিঃৰাজ্যৰ পৰা আহিছিল।

মুম্বাইৰ পৰা অহা নজমুল হক বৰভূঞা আৰু মুস্তাক আহমেদ সৰুসজাইত কোৱাৰেণ্টাইন হৈ আছিল যদিও দেওবাৰে নিশা অহা পৰীক্ষাৰ ফলাফলত তেওঁলোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এম এম চি এইচলৈ প্ৰেৰণ কৰা হয়। আনহাতে বিহাৰৰ পৰা অহা ফাৰুক আহমেদ নামৰ এজন লোকৰ শৰীৰতো কোৰোনা ভাইৰাছ ধৰা পৰে। যোৱা মে’ৰ পৰা এই তিনিওজন লোকে সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। আনহাতে চেন্নাইৰ পৰা ৰে’লযোগে অহা গোলাঘাটৰ সৰুপথাৰৰ দুই ভাতৃৰ শৰীৰতো কোৰোনা ভাইৰাছ ধৰা পৰিছে। সৰুপথাৰত উৎপল বৰা আৰু ৰূপম বৰা চেন্নাইৰ পৰা অসমত উপস্থিত হৈছিল আৰু কোৱাৰেণ্টাইনত আছিল।

আনহাতে নগাঁৱৰ জুৰীয়াৰ আন এজন লোক কোৰোনাত আক্ৰান্ত হৈছে। বহিঃৰাজ্যত কৰ্মৰত আজিজুল হক ৰহমান অসমলৈ ঘূৰি আহিছিল আৰু কোৱাৰেণ্টাইনত আছিল আৰু তেওঁৰ শৰীৰত কোৰোনা ভাইৰাছ ধৰা পৰে। আনহাতে তিতাবৰৰ সুদীপ বুঢ়াগোহাঁইৰ শৰীৰতো কোৰোনা ভাইৰাছ ধৰা পৰিছে। উল্লেখ্য যে সুদীপ বুঢ়াগোহাঁয়ো বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি আহিছিল আৰু হোটেলত কোৱাৰেণ্টাইনত আছিল। ইপিনে মুম্বাইৰ পৰা উভতি অহা গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ আজি জি এম চি এইচত মৃত্যু ঘটে। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা মালাকাৰ অসমলৈ ঘূৰি আহিছিল যদিও তেওঁৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছিল।

দিঙিৰ কৰ্কটত আক্ৰান্ত মালাকাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি দিনৰ ১১.০৫ বজাত মৃত্যু ঘটে। ইপিনে ফাঁচীবজাৰৰ আলু গুদামৰ পৰা ১৭জনকৈ ব্যক্তিৰ শৰীৰত কোভিড-১৯ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। মংৰু সাহানীৰ পৰা ১৭জনকৈ লোক আক্ৰান্ত হোৱাৰ পিছতে অঞ্চলটোত আৰু কোনো লোক এই ১৭জন ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল নেকি তথা কোনো কোৰোনা ৰোগী চিনাক্ত নোহোৱাকৈ আছে নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে প্ৰশাসনে। আজি ফাঁচীবজাৰৰ আলু গুদামৰ সৈতে সম্পৰ্ক থকা এশজন ব্যক্তিৰ ছোৱাব নমুনা সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *