শেহতীয়া খবৰ

ভয়াৱহ পৰিস্থিতিৰ দিশে ৰাজ্য, এদিনত ২৬জন কোৰোনা ৰোগী চিনাক্ত

কামৰূপত সাতজন, যোৰহাট-বিশ্বনাথ-নলবাৰী, নগাঁৱত দুজনকৈ, কোকৰাঝাৰত এজন কোৰোনা ৰোগী চিনাক্ত
বহিঃৰাজ্যৰ পৰা অহা এজনৰ পিছত এজনকৈ লোকৰ দেহত কোৰোনা ভাইৰাছ

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ ক্ৰমশঃ ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য। বহিঃৰাজ্যৰ পৰা অসমৰ লোকসকল ঘূৰি অহাৰপিছতে ৰাজ্যত কোৰোনা ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ এই পৰিস্থিতিলৈ লক্ষ্য কৰি সকলোকে সতৰ্ক থাকিবলৈ আহবান জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই। আজি টুইটাৰত এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলোকে সজাগ হৈ থকাৰ বাবে আহবান জনায়।

আজি কামৰূপ (গ্ৰাম্য)ত সাতজন, যোৰহাট, বিশ্বনাথ, নলবাৰী, নগাঁৱত দুজনকৈ লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে কোকৰাঝাৰত এজন লোকৰ দেহত কোভিড-১৯ চিনাক্ত হৈছে। আজি কামৰূপৰ বাইহাটা চাৰিআলিৰ চন্দন ডেকা (২০), বাৰাংহাটীৰ প্ৰণৱ কলিতা (২৬), ধৰণী কলিতা (২৬), উৎপল কলিতা (৩২), নৱজ্যোতি কলিতা (২৫), ৰঙিয়াৰ অজয় কলিতা (২৮)ৰ দেহত কোভিড-১৯ ধৰা পৰিছে। এই আটাইকেইজন ৰোগী বহিঃৰাজ্যৰ পৰা অহা বুলি জানিব পৰা গৈছে। আনহাতে ছয়গাঁৱৰ আমীৰ হুছেইন (২০) নামৰ যুৱকজনৰ শৰীৰতো কোভিড-১৯ ধৰা পৰিছে। কলকাতাৰ পৰা উভতি আহি কোৱাৰেণ্টাইনত আছিল আমীৰ হুছেইন। উল্লেখ্য যে কামৰূপত ধৰা পৰা আটাইকেইজন ব্যক্তিয়ে কোৱাৰেণ্টাইনত আছিল।

আনহাতে বিশ্বনাথ চাৰিআলিৰ ৰাশী বাছফোৰ আৰু গৌৰী নায়কৰ শৰীৰতো কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।জানিব পৰা অনুসৰি হাৰিয়ানাৰ পৰা ওভতা ৰাশী বাছফোৰ আৰু গৌৰী নায়ক সম্বন্ধত বৌয়েক-ননদ। ইপিনে হোজাইত দুজন লোকৰ শৰীৰতমাৰাত্মক ভাইৰাছ ধৰা পৰিছে। ছফৰউদ্দিন আহমেদ (২৬) আৰু মহম্মদ ছৰটাজ নামৰ এটি শিশুৰ দেহত মাৰাত্মক ভাইৰাছ ধৰা পৰিছে। জানিব পৰা অনুসৰি দুয়োজন মুম্বাইৰ পৰা উভতি আহিছিল। ইপিনে ৰাজস্থানৰ কোটাৰ পৰা উভতি অহা নগাঁৱৰ ছাত্ৰী হিমাদ্ৰী বৰা (২১)ৰ দেহতো কোৰোনা ভাইৰাছ ধৰা পৰিছে। দীৰ্ঘদিন ধৰি হোম কোৱাৰেণ্টাইনত থকা হিমাদ্ৰীৰ উপৰি নগাঁৱৰ হয়বৰ গাঁৱৰ সংকিত কোঁচ (২৬)ৰ শৰীৰতো ভাইৰাছ ধৰা পৰিছে। সংকিতে কিছুদিন পূৰ্বে জলপাইগুৰিৰ পৰা উভতিছিল।

আনহাতে গোলাঘাটত আন দুজন ব্যক্তিৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। হাৰিয়ানাৰ পৰা ওভতা মনোৱাৰ হুছেইন আৰু বাবুল আলীৰ কোভিড ৰোগী হিচাপে চিনাক্ত কৰা হৈছে। উল্লেখ্য যেদুয়োজন ব্যক্তি তবলিগী জামাতৰ সৈতে সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে। আনহাতে যোৰহাটৰ চেউনীআলিৰ শালিনী ম’ল আৰু থানেশ্বৰ বড়ো নামৰ লোকজনৰ শৰীৰত ভাইৰাছ ধৰা পৰিছে। শালিনী ম’লে কিছুদিন পূৰ্বে ডাৰ্জিলিঙৰ পৰা আহিছিল। আনহাতে থানেশ্বৰ বড়ো চেন্নাইৰ পৰা উভতিছিল। ইপিনে কোকৰাঝাৰত কোৱাৰেণ্টাইন শিবিৰত থকা আন এজন লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছে। ধুবুৰীৰ চাপৰৰ শলিমাৰী গাঁৱৰ চাবেবছ আলী পশ্চিমবংগৰ পৰা উভতি অহাৰ পিছত কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। কলকাতাৰ জামাতৰ সৈতে চাবেবছ আলীৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে। ইপিনে গুৱাহাটীত তিনিজন লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰাৰ বিপৰীতে কৰিমগঞ্জত দুজন আৰু সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা এজন লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছে। গুৱাহাটীত অলপতে কৰ্কট ৰোগত মৃত্যু ঘটা কোভিড আক্ৰান্ত ৰোগীজনৰ পত্নী আৰু কন্যাৰ শৰীৰত এই ভাইৰাছ ধৰা পৰা জানিব পৰা গৈছে। এতিয়ালৈকে ৰাজ্যত ১৪১ জন ৰোগী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰেভিতৰত সম্প্ৰতি ৯৪জন চিকিৎসাধীন হৈ থকাৰ লগতে চাৰিজনৰ মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *