Friday , September 25 2020
শেহতীয়া খবৰ

ভৱানীপুৰ সমষ্টিত শ্বহীদ আব্দুল আলিম, খৰ্গেশ্বৰ তালুকদাৰৰ বাসগৃহত ‘কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব অজিৎ কুমাৰ ভূঞাৰ হুংকাৰ

‘কা’ বিৰোধী আন্দোলন আকৌ আৰম্ভ হ’ব, অখিল গগৈক মুক্তিৰ দাবী, লক্ ডাউনৰ ক্ষেত্ৰত চৰকাৰে বিজ্ঞানসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা নাছিল

সঞ্জীৱ দাস, ভৱানীপুৰঃ ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট বুদ্ধিজীৱি-সাংবাদিক অজিৎ কুমাৰ ভূঞাই আজি ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ আব্দুল আলিমৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ হলংবাৰীস্থিত জন্মগৃহত উপস্থিত হয়। উপস্থিত হৈয়ে তেওঁ উদাত্ত কণ্ঠেৰে সংবাদ মাধ্যমৰ লগতে শ্বহীদ গৰাকীৰ পৰিয়ালবৰ্গৰ আগত কয়ঃ “অসম আন্দোলনৰ যি ত্যাগ আছিল, শ্বহীদ আছিল, খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ আছিল। সেই ত্যাগক প্ৰতিখন চৰকাৰে চৰম অৱমাননা কৰিছে।

তাৰোপৰি বিজেপি চৰকাৰে যি ধৰণৰ অৱমাননা কৰিছে, তাৰ তুলনা নাই। অসম চুক্তিক ধ্বংস কৰি পেলোৱা হৈছে। শ্বহীদ ভাতৃয়ে এসময়ত কৈছে যে ‘কা’ অনাৰ পাছত আৰু অসম চুক্তিৰ কোনো মূল্য নাই আৰু বিজেপি চৰকাৰে শ্বহীদ সকলকো সন্মান জনোৱাৰ কোনো অৰ্থ নাই। আমি পুনৰাই সোঁৱৰাই দিছো যে শ্বহীদৰ ত্যাগ অথলে নেযায়। খৰ্গেশ্বৰ তালুকদাৰৰ ত্যাগ অথলে নেযায়। ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ আব্দুল আলিমৰো ত্যাগ অথলে নেযায়। আজি সৰ্বত্ৰ সাম্প্ৰদায়িক ৰাজনীতি চলিছে। ‘কা’ বিৰোধী আন্দোলন এটা বিশেষ বিশেষ পৰিস্থিতিত স্তিমিত হৈছে। সেই কথা অসমৰ ৰাইজে জানে। কিন্তু আমি ৰাইজক মনত পেলাই দিছো যে ‘কা’ বিৰোধী আন্দোলন শেষ হোৱাৰ যেতিয়া এই বিশেষ পৰিস্থিতিৰ অন্ত পৰিব তেতিয়াই আকৌ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হ’ব। কাৰণ, অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। সেয়ে, শ্বহীদৰ ত্যাগ অথলে যাৱলৈ নিদিও।

আগলৈ এই আন্দোলন জোৰদাৰ হ’ব আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ তাক আমি প্ৰতিহত কৰিম। ‘কা’ আন্দোলন মষীমূৰ কৰাৰ বাবে চৰকাৰে শীতল মস্তিষ্কৰে কেইগৰাকীমান যুৱক-কিশোৰক হত্যা কৰিছে। হত্যাকাৰী চৰকাৰে শ্বহীদক স্বীকাৰ নকৰে। ‘কা’ আন্দোলনৰ শ্বহীদসকলে চৰকাৰৰ পৰা প্ৰাপ্য নোপোৱাটো একো আচৰিত কথা নহয়। চৰকাৰে আজিলৈ কোনো উচিত তদন্ত ঘোষণা নকৰিলে। শ্বহীদসকলৰ পৰিয়ালত কোনো খবৰেই নল’লে।” সাংবাদিকৰ স’তে হোৱা প্ৰশ্নোত্তৰ মুহূৰ্তত তেওঁ কয় যে- “ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কথা ইতিমধ্যে বহু অৰ্থনীতিবিদে কৈ আহিছে। তেওঁলোকে মানুহৰ চকুত ধূলি মাৰি মিছা কথা কৈ আহিছে।

এতিয়া কৰ’না পৰিস্থিতিত গোটেই কথা জলজল পটপটকৈ ওলাই পৰিছে। অসমৰ বিত্তমন্ত্ৰী গৰাকীয়ে অসমৰ অৰ্থনীতিৰ কথা বাজেটকে আদি কৰি বহু ঠাইত ভাল বুলি কৈছিল যদিও এতিয়া দৰমহা দিব নোৱাৰা অৱস্থা। ভাৰত চৰকাৰে কৰ্মচাৰীক  DA দিব নোৱাৰো বুলি কৈছে। কৰ’নাই এতিয়া দেশক ক’লৈ লৈ যায় তাক ক’ব নোৱাৰি। যি দেখা গৈছে মানুহে এতিয়া কৰ’নাতকৈও খাৱলৈ নেপাই মৰিব। তেলৰ দাম পৃথিৱীৰ সকলোতে কমিছে কিন্তু অসমত নিতৌ বৃদ্ধি হৈ গৈ আছে। কৰ’না সংক্ৰান্তত আমি ৰাইজে চৰকাৰক সহযোগিতা কৰিছো। ৰাইজে যদি লক্ ডাউন নামানিলেহেঁতেন কৰ’নাই আৰু ব্যাপকভাৱে বৃদ্ধি হ’লহেঁতেন।

চৰকাৰে কৰিছে যদিও ৰাইজক ধন্যবাদ জনাইছোঁ। ৰাইজে নিয়মবিলাক মানিব লাগে আৰু ঐক্যৱদ্ধভাৱে কৰ’নাৰ বিৰুদ্ধে যুঁজিব লাগে। লক্ ডাউনৰ ক্ষেত্ৰত চৰকাৰৰ বহুতো ভুল আছে। চৰকাৰে বিজ্ঞানসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। সেয়ে, বহু খেলিমেলি হৈছে।” উল্লেখ্য যে, সাংসদ অজিৎ কুমাৰ ভূঞাৰ লগতে উপস্থিত থাকে বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি মনজিৎ মহন্ত, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, সমাজসেৱী মীৰা বৰঠাকুৰ, চিপিআই(এম) নেতা মনোৰঞ্জন তালুকদাৰ, যুৱনেতা-সমাজসেৱী ৰাছেল হুছেইন, অজয় তালুকদাৰ, সুব্ৰত তালুকদাৰ আদিয়ে। অজিৎ কুমাৰ ভূঞা, মনজিৎ, মীৰা বৰঠাকুৰ, কমল কুমাৰ মেধিয়ে সংবাদ মাধ্যমৰ আগত পৃথকে পৃথকে বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ গোচৰ জাঁপি দি গ্ৰেপ্তাৰ কৰা কাৰ্য গভীৰ ষড়যন্ত্ৰমূলক বুলি কৈ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়।

কমল কুমাৰ মেধিয়ে কয় যে- “কৰ’না পৰিস্থিতত দেশত বহুতকে জেলৰ পৰা মুকলি কৰি দিছে। কিন্তু অখিল গগৈক এটাৰ পাছত এটাকৈ গোচৰ জাঁপি দি জেলত ৰখাটো ‘কা’ বিৰোধী আন্দোলন কৰাৰ বাবেই যে সেয়া স্পষ্ট হৈ পৰিছে।ইপিনে, অজিৎ কুমাৰ ভূঞাৰ স’তে যোৱা সঁজাতি দলটোৱে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবৰী গাঁৱৰ জন্মগৃহত শ্বহীদৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে গঞা ৰাইজৰ স’তেও মত-বিনিময় কৰে।

উজান বৰবৰী গাঁৱৰ ৰাইজে অজিৎ কুমাৰ ভূঞা আৰু সঁজাতি দলটোক উষ্ম আদৰণি জনাই তেওঁলোকৰ ‘কা’ বিৰোধী আন্দোলনক পূৰ্ণ সমৰ্থন জনায়। আনহাতে, অজিৎ কুমাৰ ভূঞাৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে শয্যাগত হৈ থকা বৰ্ষীয়াণ ৰাজনীতিক খনীন মহন্তৰ স্বাস্থ্যৰ বুজ লয়। বৰ্ষীয়াণ ৰাজনীতিক খনীন মহন্তৰ আশু আৰোগ্য কামনা কৰাৰ লগতে খনীন মহন্ত আৰহ তেওঁৰ পত্নী অধ্যাপিকা-লেখিকা ড° অমিয়া মহন্তৰ স’তে বাৰ্তালাপ কৰি অসমৰ ৰাজনীতিত খনীন মহন্তৰ অৱদান আছে বুলিও অজিৎ কুমাৰ ভূঞাৰ লগতে সঁজাতি দলটোৱে স্বীকাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *