Thursday , August 13 2020
শেহতীয়া খবৰ

মণিপুৰত আছাম ৰাইফলছৰ ওপৰত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছ, তিনি জোৱান শ্বহীদ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ জুলাই ঃ অসম তথা উত্তৰ-পূবত পুনৰবাৰ মূৰ দাঙি উঠিছে উগ্ৰপন্থী সংগঠনে। উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে যোৱানিশা মণিপুৰৰ চান্দেল জিলাত সংঘটিত হ’ল এক ভয়াৱহ আক্ৰমণৰ ঘটনা। আসাম ৰাইফল্ছৰ এটা দলৰ ওপৰত উগ্ৰপন্থী সংগঠনে ভয়াৱহ এম্বুছ কৰে। উগ্ৰপন্থীৰ উক্ত আক্ৰমণত অসমৰ এজন জোৱানসহ তিনিজন শ্বহীদ হয়। জানিব পৰা মতে কালি নিশাৰ ভাগত আসাম ৰাইফল্ছৰ দলটোৱে টহল দি থকা অৱস্থাতে অভিযানকাৰী দলটোৰ ওপৰত এক আই ই ডিৰ বিস্ফোৰণ ঘটায়। আসাম ৰাইফল্ছৰ জোৱানৰ ওপৰত আই ই ডিৰ বিস্ফোৰণ সংঘটিত কৰাৰ পিছতে পূৰ্বৰ পৰাই খাপ পিটি উগ্ৰপন্থীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। যাৰ ফলত অসম সন্তান বজালীৰ প্ৰণৱ কলিতাসহ চতুৰ্থ আসাম ৰাইফল্ছৰ তিনিজন জোৱান শ্বহীদ হয়।

উগ্ৰপন্থীৰ গুলীত শ্বহীদ হোৱা জোৱানকেইজন ক্ৰমে প্ৰণৱ কলিতা, ৰতন ছালাম, মেথেনা কন্যা। ইপিনে উগ্ৰপন্থীৰ গুলীত গুলীবিদ্ধ হৈ পাঁচজনকৈ জোৱান আহত হৈছে। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনা-নিৰাপত্তাৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। উক্ত এম্বুছৰ ঘটনাত আলফা (স্বাঃ), পি এল এ আৰু এম এন পি এফ উগ্ৰপন্থী সংগঠন জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই তিনিওটা সংগঠনে যৌথভাৱে উক্ত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বুলি দায়িত্ব স্বীকাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *