Friday , September 25 2020
শেহতীয়া খবৰ

মধ্যপ্ৰদেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

দৈনিক গণঅধিকাৰঃ মধ্যপ্ৰদেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ ইন্দোৰ, জহবপুৰত ইয়াৰ সংখ্যা অধিক বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে।

মধ্যপ্ৰদেশত বাতৰি যুগুত কৰা পৰলৈকে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি হয়। নতুনকৈ ১৯জনৰ দেহত ক’ভিড-১৯ পজিটিভ হিচাপে চিহ্নিত হয়।

স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি ইন্দোৰ আৰু উ¿7নত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে। তিনিদিনত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫জন বৃদ্ধি হৈ মুঠ ২৯লৈ বৃদ্ধি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *