Friday , September 25 2020
শেহতীয়া খবৰ

মন্দিৰা তামুলীলৈ স্নাতকোত্তৰ পৰ্য্যায়ৰ একমাত্ৰ জিলা কৃতী শিক্ষকৰ বঁটা

গণ বাৰ্তা, বাদুলিপাৰ, ৫ ছেপ্তেম্বৰঃ গোলাঘাট জিলাৰ বাদুলিপাৰৰ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষক মন্দিৰা তামুলীলৈ এই বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে ৷ জ্ঞানৰ পৱিত্ৰ বন্তিৰে জীৱনৰ পথ পোহৰাই মানৱ জীৱন সাৰ্থক কৰি তোলাৰ মহান ব্ৰতত ব্ৰতি হৈ সুদীৰ্ঘ কাল সততা আৰু একনিষ্ঠ ভাৱে শিক্ষা দানৰ পৱিত্ৰ কৰ্মত জীৱন উচৰ্গা কৰাত আজি ৫৯ সংখ্যক শিক্ষক দিৱস উপলক্ষে গোলাঘাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ সৌজন্যত গোলাঘাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ প্ৰক্ষাগৃহত অনুষ্ঠিত এক কাৰ্যসূচীত স্নাতকোত্তৰ পৰ্য্যায়ৰ এইবৰ্ষৰ একমাত্ৰ জিলা কৃৰ্তী শিক্ষক বটা মন্দিৰা তামুলীয়ে লাভ কৰিবলৈ সক্ষম হয়।বিদ্যালয় সমূহৰ পৰিদৰ্শক সমীৰণ বৰাৰ উপস্থিতিত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে এই বঁটা প্ৰদান কৰে ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই সফলতাত বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থা , স্বেচ্ছাসেৱী অনুষ্ঠান সহায় , ভোলাগুৰি লাচিত ক্লাৱ আৰু শিশু উদ্যান , ভোলাগুৰি ক্ৰীড়া সন্থা আদিৰ লগতে বিভিন্নজনে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *