Monday , September 21 2020
শেহতীয়া খবৰ

মহানগৰীতে ক’ভিড আৰোগ্য স্বাস্থ্যকৰ্মীৰ হাহাকাৰঃ কোৰোনাত আক্ৰান্ত  হোৱাৰ বাবেই ভাড়াঘৰত প্ৰৱেশত বাধা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জুলাই ঃ দেশত কোৰোনাৰ সংক্ৰমণৰ সৈতে যুঁজাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰথম স্তৰৰ সৈনিক হিচাপে কৰ্তব্য সম্পাদন কৰি আছে যদিও শেহতীয়াকৈ এনে যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা স্বাস্থ্যকৰ্মী এতিয়া অৱহেলিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ ক’ভিডৰ চিকিৎসাত নিয়োজিত চিকিৎসক আৰু নাৰ্ছৰ প্ৰতি বিভিন্ন অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে ক’ভিড চিকিৎসাত ব্ৰতী স্বাস্থ্যকৰ্মীক বিভিন্ন মানসিক অত্যাচাৰ আৰু সামাজিক বঞ্চনাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে সৰৱ স্থিতি গ্ৰহণ কৰি এনে কাৰ্যত জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছিল। স্বাস্থ্যখণ্ডৰ সৈতে জড়িত লোকসকলক কোৰোনাৰ সংকটকালত ভাৰাঘৰত প্ৰৱেশত বাধা দিয়া কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। কিন্তু বাস্তৱত ক’ভিড ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত বহু স্বাস্থ্যকৰ্মীক ভাৰাঘৰৰ মালিক তথা এপাৰ্টমেণ্টৰ আৱাসীসকলে মানসিক অত্যাচাৰৰ লগতে প্ৰৱেশত বাধা দিয়াৰ ঘটনা সংঘটিত হৈ আহিছে।

কিন্তু তেনে ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা দৃঢ় পদক্ষেপ এতিয়াও পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে বিগত তিনি দিন ধৰি ক’ভিড আৰোগ্য স্বাস্থ্যকৰ্মী এগৰাকীয়ে ভাৰাঘৰত প্ৰৱেশ কৰিব পৰা নাই। জানিব পৰা অনুসৰি সোণালী বৰুৱা নামৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে হায়াত হাস্পতালৰ ক’ভিড ৱাৰ্ডত চিকিৎসা সেৱাত জড়িত আছিল আৰু যোৱা ১৩ জুলাইত কোৰোনা পজিটিভ হিচাপে চিহ্নিত হৈছিল। ইয়াৰ পিছত তেওঁ হায়াত হাস্পতালতে চিকিৎসা গ্ৰহণ কৰে আৰু যোৱা ২১ জুলাইত কোৰোনাৰ পৰা আৰোগ্য হয়। ইয়াৰ পিছতে তেওঁক ডাউন টাউনৰ শান্তিপথ মথুৰানগৰত থকা ভাৰাঘৰলৈ আহে যদিও ভাৰাঘৰৰ মালিকনী অঞ্জুমণি কলিতাই প্ৰৱেশত বাধা দিয়ে। ক’ভিড ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছতো স্বাস্থ্যকৰ্মীগৰাকীক ভাৰাঘৰত স্বত্বাধিকাৰীয়ে প্ৰৱেশ কৰিবলৈ নিদিয়ে। ফলত বিগত তিনি দিন ধৰি স্বাস্থ্যকৰ্মীগৰাকী হায়াত হাস্পতালৰ হোষ্টেলত থাকিবলগীয়াত পৰিছে। এনে অৱস্থাত স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্বাস্থ্যকৰ্মীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *