Friday , September 25 2020
শেহতীয়া খবৰ

মাউতঘাট মাটিয়েখানাত বিদ্যুতৰ তাঁৰত লাগি ৯ বছৰীয়া কিশোৰীৰ কৰুণ মৃত্যু

গণ বাৰ্তা, টেঙাখাত, ১১ ছেপ্তেম্বৰ : বৰডুবি থানাৰ অধীনস্থ মাউদঘাট মাটিয়েখানাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটি ৯ বছৰীয়া কিশোৰী মৃত্যুৰ ঘটনাই অঞ্চল টোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে অমৃতা মাঝি নামৰ কিশোৰী গৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আছিল। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ লগে-লগেই কিশোৰী গৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই এনে ঘটনা হোৱাৰ অন্যতম কাৰণ বুলি সচেতন মহলে দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *