Friday , September 25 2020
শেহতীয়া খবৰ

মাক্স নিপিন্ধিলে ৫০০ টকাৰ জৰিমনা ,হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

গুৱাহাটীঃ ৰাজ্যবাসী সতৰ্ক হওক। অপ্ৰয়োজনীয় কামত বাহিৰলৈ নোলাব। আনকি বাহিৰলৈ ওলোৱাৰ সময়ত আপুনি মাক্স পৰিধান কৰাটো নিতান্ত প্ৰয়োজনীয়। যদি আপুনি মাক্স নিপিন্ধে তেন্তে ৫০০টকা জৰিমনা ভৰিব লাগিব। মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী প্ৰশাসন। এন এইচ এমৰ কাৰ্যালয়ত আজি আয়োজিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰগৰাকীয়ে লগতে কয় যে এতিয়া মাক্স পিন্ধাটো বাধ্যতামূলক। দোকানৰ পৰা ক্ৰয় কৰি মাক্স পৰিধান কৰিব লাগিব বুলি কোনো কথা নাই। গামোচাৰে নাক-মুখ ঢাকিলেই হ’ল। যিসকলে এনেধৰণৰ সতৰ্কতা পালন নকৰে তথা মাক্স অবিহনে বাহিৰলৈ ওলাই আহে তেওঁলোকক আৰক্ষীয়ে ৫০০টকাৰ জৰিমনা বিহাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব।  সেয়ে মন্ত্ৰীগৰাকীয়ে কোৰোনা সন্তৰ্ভত সকলোকে সতৰ্ক আৰু সজাক হ’বলৈ আহবান জনাই অপ্ৰয়োজনীয় কামত ঘৰৰ পৰা ওলাব নালাগে বুলি উল্লেখ কৰে। ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোৰোনাৰ যুদ্ধৰ অগ্নিপৰীক্ষাত বহিছে অসম।

সমগ্ৰ দেশত সুস্থ ৰোগীৰ হাৰ ২৮ শতাংশ। মৃত্যুৰ হাৰ ৩.৩৭ শতাংশ। অসমত সৰ্বমুঠ কোৰোনা ৰোগীৰ সংখ্যা ৪৫। ইয়াৰে ৩৪জন সুস্থ হৈ উঠিছে। অৰ্থাৎ সুস্থ ৰোগীৰ হাৰ ৭৫.৬৬ শতাংশ। মৃত্যুৰ হাৰ ২.২২ শতাংশ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত প্ৰথমগৰাকী কোৰোনা আক্ৰান্ত ৰোগী শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা মুকলি কৰি দিয়া হৈছে। ২০বাৰতকৈ বেছি পৰীক্ষা কৰোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহিঃৰাজ্যৰ পৰা লোকসকলক অনাৰ বাবে ৩৭৫খন অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰিছে চৰকাৰে। উক্ত অনুমতি পত্ৰৰ জৰিয়তে প্ৰায় ১২০০ শিক্ষাৰ্থীক বাছেৰে অনা হৈছে। বহিঃৰাজ্যত থকা লোকসকলক বাছেৰে অনাৰ বাবে পুনৰ ৫০০ অনুমতি পত্ৰ সাজু কৰা হৈছে। কালি আজমীৰ প্ৰশাসনৰ অনুমতি পত্ৰৰ জৰিয়তে বাছেৰে শিলচৰলৈ আহিছে ৪২ গৰাকী ব্যক্তি।

ইয়াৰে ৩৫ গৰাকী প্ৰাপ্তবয়স্ক আৰু ৭টি শিশু। পুৱা শিলচৰত উপস্থিত হোৱাৰ পিচত সকেলাকে পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইন কৰা হয়। ইয়াৰে শোণিতপুৰৰ ফৰিদুল ইছলাম নামৰ যুৱকজন কোৰোনাত আক্ৰান্ত হোৱা দেখা যায়। শোণিতপুৰৰ লোকজন কেনেদৰে শিলচৰত উপস্থিত হ’ল সেই লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে। বিষয়টো আৰক্ষীয়ে অনুসন্ধান চলাই আছে। ইপিনে ৰেড জ’নৰ পৰা অহা লোকসকলক হোম কোৱাৰেণ্টাইন কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইপিনে হোম কোৱাৰেণ্টাইনত যোৱা লোকসলক এম পি ডব্লিউ, আছাৰ স্বাস্থ্যকৰ্মীয়ে নিৰীক্ষণত ৰাখিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে কাইলৈৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্যকৰ্মীয়ে ২৫ হাজাৰ গাঁৱলৈ গৈ নমুনা সংগ্ৰহ কৰিব।

ইপিনে শিক্ষা বিভাগৰ প্ৰসংগৰ সন্দৰ্ভত মন্ত্ৰগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ শিক্ষাবৰ্ষ আৰম্ভ হয়। সেয়ে অসমতো এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে শিক্ষাবিদসকলৰ পৰা পৰামৰ্শ বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। যোৱা ১ মে’ৰ পৰা ৩১ মে’লৈকে গৰমৰ বন্ধ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। অহা জুন-জুলাইৰ ভিতৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ’ব। এইবাৰ ছাত্ৰ-ছাত্ৰীসকে্‌ল ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে নামভৰ্তি কৰিব লাগিব।

মহাবিদ্য্যালয়সমূহত অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে নামভৰ্তি চলিব। ইপিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ অঞ্চলত এক বিশেষ পাঠদানৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। একেদৰে গৱেষণা ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ লেবলৈ যোৱাৰ অনুমতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসলকলৰ বাবে বিভিন্ন বিভিন্ন বিষয়বস্তুৰ ওপৰত প্ৰতিযোগিতাৰ আয়োজন কৰিছে চৰকাৰে। গল্প, কবিতা, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লকডাউনৰ সময়ত বিষয়বস্তুসমূহ কাইলৈৰ পৰা ঘোষণা কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০ হাজাৰ শিক্ষাৰ্থীক বাছনি কৰি পুৰস্কৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *