Wednesday , September 23 2020
শেহতীয়া খবৰ

মাছবোৰৰ কি দিন ৰাতি’ কাব্য গ্ৰন্থৰ প্ৰণেতা, অধ্যাপক, বিশিষ্ট কবি সঞ্জীৱ দত্তৰ মৃত্যু: 

গণ বার্তা, আমগুৰি  ১১ চেপ্তেম্বৰঃ   মাছবোৰৰ কি দিন ৰাতি’ শীৰ্ষক গ্ৰন্থৰ ৰচক জাঁজী হেমনাথ শৰ্মা মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক (প্ৰাক্তন বিভাগীয় মূৰব্বী), বিশিষ্ট কবি  সঞ্জীৱ দত্তৰ আজি ডিব্ৰুগড়স্থিত বাসগৃহত ১১-৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটিছে৷ দত্ত  দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মসূত্ৰে জাঁজী জামুগুৰিৰ আবাসী হোৱা স্বত্বেও  ডিব্ৰুগড়স্থিত পিতৃগৃহত অৱস্থান কৰিছিল৷  ১৯৬৮ চনত জন্মগ্ৰহণ কৰা দত্ত ১৯৯৭ চনত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তাৰূপে যোগদান কৰিছিল৷ তেওঁ অসমীয়া বিভাগৰ বিভাগীয় চ’ৰাৰ সভাপতি আৰু সদৌ অসম কবি সন্মিলন, জাঁজী শাখাৰ উপসভাপতিৰ পদতো কাৰ্য নিৰ্বাহ কৰিছিল৷ তেওঁৰ প্ৰকাশিত এখনি কাব্য সংকলন হ’ল  “মাছবোৰৰ কি দিন ৰাতি”৷ উচ্চ মানৰ ভাবুক  কবি  দত্তই নিয়মীয়া ভাৱে ’গৰিয়সী’ ত কবিতা লিখাৰ ওপৰি বিভিন্ন আলোচনীত তত্বগধুৰ প্ৰৱন্ধ লিখিছিল৷মৃত্যুৰ সময়ত মাতৃ, পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি বহু আত্মীয় এৰি থৈ যোৱা দত্তৰ  মৃত্যুত সমগ্ৰ জাঁজী অঞ্চলত শোঁকৰ ছাঁ পৰাৰ লগত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, জাঁজী প্ৰেছ ক্লাৱ, শাখা সাহিত্য সভা, শাখা কবি সন্মিলন আদি কৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *