Sunday , September 20 2020
শেহতীয়া খবৰ

মাজুলীত লেনটেনা কেমেৰা”ৰ বিষক্ৰিয়াতহে চাপৰি সমুহত ব্যাপকহাৰত পশুধনৰ মৃত্যুঃ* ডা° থানেশ্বৰ মুদৈ ৷

বাৰিষাৰ পুৰ্বে বিষাক্ত গছবিধ উচ্ছেদ নকৰাৰ বাবেই ভয়ংকৰ পৰিস্থিতিঃ পশুপালকৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস মাজুলী জিলা পশুপালন বিভাগৰ ৷

গনবার্তা বিশেষঃ মাজুলী,২৭জুলাইঃ মাজুলী জিলাৰ বিভিন্ন চৰ-চাপৰিত বাৰিষা কালত গজি উঠা বিষাক্ত”লেনটেনা কেমেৰা”গছবিধ ভক্ষণ কৰাৰ ফলতহে জিলাখনত ব্যাপকহাৰত গৰু মহৰ মৃত্যু হৈছে ৷মাজুলীৰ সকলো চাপৰি অঞ্চলত সহজে উৎপন্ন হোৱা এই”লেনটেনা কেমেৰা”বাৰিষা কানত গৰু ম’হে খাদ্যৰ অভাৱত ভক্ষণ কৰে আৰু তাৰফলতে বিষক্ৰিয়া হৈ পশুধনৰ মৃত্যু হৈছে ৷এই মন্তব্য মাজুলী জিলাৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসা বাষয়া ডা° থানেশ্বৰ মুদৈ ৷ডা° মুদৈয়ে মাজুলীৰ চৰ-চাপৰি সমশহত গজি উঠা উক্ত বিষাক্ত গছবিধ বাৰিষাৰ পুৰ্বে পুলি-পোখাই উচ্ছেদ কৰিবলৈ পশুপালক সকলক আহ্বান জনাইছে ৷শ্ৰেষ্ঠ পশু চিকিৎসা বিষয়া জনে জনসৱা মতে বাৰিষাকালত ঘাঁহৰ অভাৱত গৰু ম’হে উক্ত “লেনটেন কেমেৰা”যাক অসমীয়াত গুফুল বা কোনো কোনো অঞ্চলত চেনীগুটি বা ৰাম তুলসী বুলিও কোৱা হয়,সেই গছ বিধ ফুলৰ সৈতে ভক্ষণ কৰে আৰু তাৰ বিষক্ৰিয়া হৈ মৃত্যু হয় বৰ্তমান মাজুলীত উক্ত গছবিধ সকলো চৰ-চাপৰিত গজি উঠিছে সেয়ে পশুপালক সকলক উক্ত গছ বিধৰ পৰা পশুধনক  আঁতৰত ৰাখিবলৈ আহ্বান জনাইছে ৷লেনটেনা কেমেৰা বা গুফুল খোৱাৰ ফলত গৰু ম’হৰ পেট ফুলে,মুখেদি ফেনাই,ঠেঙ কেইটা জিন জিননি হৈ কপি থাকে আৰু উন্মাদ আচৰণ কৰে ৷তাৰ লগে লগে চাল চিগি লেৰেলা, দুৰ্বল হৈ পশুধনৰ মৃত্যু হয় ৷ডা° মুদৈয়ে জনোৱা মতে গৰু ম’হে গছ জোপা সাধাৰণতে নেখায়,কিন্তু বাৰিষা যেতায়া চাপৰীৰ ওখ ঠাইত গৰু ম’হবোৰ মেলি দিয়া হয়,তেতিয়া ভোকতে বিষাক্ত গছবিধ খাই দিয়ে,বেছিকৈ খালে সোনকালে বিষক্ৰিয়া হৈ মৰে আৰু কমকৈ খালে সাপে গৰু ম’হক খোটাৰ বাবে যেনেকৈ গাৰ চাল চিগে,কানৰ আগটো শুকাই বিকা হৈ পৰে,ৰদত ওলাব নোৱাৰা হয়,লিভাৰ ছিৰছিচ হৈ যায়,তিনেকৈয়ে এই বিষাক্ত গছবিধ খালেও তেনে হয় ৷মাজুলী জিলাৰ চাপৰি সমুহ যেনেকৈ বনৰীয়া চাপৰি,লাচন চাপৰি,চিকাৰী চাপৰি,ডব্লিউ চাপৰি,কুমলীয়া,ভকত চাপৰি,শুবিধা চাপৰি,ভেকিলী কাৰ্টিক চাপৰি,সমগ্ৰ আঁহতগুৰি অঞ্চলৰ কাচিকটা,বৰুৱাচুক,কেৰ কেৰ,হুতাৰ,নাওমাৰী,ন মাটি,গোপালচুক,দিবানা চাপৰি আদিত বৰ্তমান ব্যাপকভাৱে উক্ত “লেনটেনা কেমেৰা”বিষজাতীয় গছ জোপা বিস্তৃতভাৱি গজি আছি৷পশুপালক সকলৰ মুল জীৱিকাৰ উৎস পশুধনক বচাবলৈ হ’লে বিষাক্ত উদ্ভিদ বিধ উচ্ছেদ কৰিবই লাগিব,অন্যথা অনাগত দিনত পশুপালকে আৰু অধিক ক্ষতিৰ সন্মুখিন হৈ কাণ্ডিব লাগিব ৷পশুপালক সকল সজাগ হলেহে উক্ত সমস্যা সমাধান হ’ব ৷ডা° মুদৈয়ে জনোৱামতে ২০১৮-১৯ বৰ্ষত দক্ষিণপাতৰ চাপৰি অঞ্চলত “লেনটেনা কেমেৰা বা গুফুল”বিষাক্ত গছ বিধ পশুপালকে কাতি উচ্ছেদ কৰাৰ ফলত চলিত বৰ্ষত দক্ষিনপাট অঞ্চলত পশুধনৰ মৃত্যু হোৱা নাই ৷তেওঁ দক্ষিনপাটৰ আৰ্হি আন পশুপালক সকলে ল’ব পাৰে বুলিও আহ্বান জনাইছে ৷সজাগতাতহে সমস্যা সমাধান হ’ব ৷

এনৰেগা আঁচনিত অন্তভূক্তিৰ আহ্বান
মাজুলীৰ চৰ-চাপৰিত গঢ়ি উঠা ব্যাপক মাত্ৰা “লেনটেনা কেমিৰা”উচ্ছেদৰ বাবে মাজুলী আৰু উজনী মাজুলীৰ উন্নয়ন খণ্ড দুটাৰ অধিনত থকা পঞ্চায়ত সমুহে মহাত্মা গান্ধী এনৰেগা আঁচনিত বিষ জাতীয় গছ উচ্ছেদ অভিযান গ্ৰহন কৰিব পাৰে ৷জব কাৰ্ডৰ শ্ৰমিকে উক্ত কাম সহজে কৰিব পাৰিব ৷এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত জিলা পশুপালন বিষয়া ডা° থানেশ্বৰ মুদৈয়ে মাজুলী জিলাৰ দুয়োটা উন্নয়ন খণ্ডৰ BDO লৈ দুবাৰ পত্ৰ প্ৰেৰণ কৰিও কোনো সুফল পোৱা নাই বুলি উল্লিখ কৰিছে ৷মাজুলেৰ চৰ চাপৰি সমুহ “লেনটেনা কেমেৰা”ৰ পৰা মুক্ত হ’লেই পশুধনৰ মৃত্যু কমিব ৷
বৰ্তমান মাজুলীত চৰকাৰীভাৱে বিতৰণ কৰা পশু খাদ্য সমুহৰ গুণাগুণ সঠিক আৰু বিজ্ঞান সন্মত মান্যতা থকা বুলি ডা° মুদৈয়ে দাবী কৰিছে ৷অৱশ্যে পশুধনক সঠিক জোখমতে নিদিলে এই খাদ্যয়েও অপকাৰ কৰিব পাৰে বুলি ডা° মুদৈয়ে উল্লেখ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *