শেহতীয়া খবৰ

মাজুলীত ৯৬৪ হেক্টৰ কৃষিভূমি বানৰ কবলতঃ  হাহাকাৰ কৃষক পৰিয়ালৰ মাজত

পৰাণজ্যোতি বৰা, মাজুলীঃ  কোৰোনা ভাইৰাছৰ যি প্ৰভাৱ আৰু ভাইৰাছৰ পৰা দেশক বচাই ৰখাৰ স্বাৰ্থতে দেশত চলিত মাৰ্চ মাহৰ শেষৰ পৰাই যি তিনি মাহ জোৰা লকডাউন চলিছিল ইয়াৰ প্ৰভাৱত মাজুলীৰ কৃষক পৰিয়ালসমূহৰ জীৱন-জীৱিকা একপ্ৰকাৰে নিঃশেষ হৈ গৈছিল। কিয়নো মাজুলীৰ অধিকাংশ লোকেই কৃষিকৰ্মৰ যোগেদি পৰিয়াল পোহপাল দিব লগা হৈছিল আৰু উৎপাদিত কৃষি বজাৰলৈ উলিয়াই দিছিল। সেই সময়ছোৱাত যিহেতু ব্যৱসায় প্ৰতিষ্ঠানকে আদি কৰি সকলো বন্ধ আছিল, কৃষকৰ উৎপাদিত ফচল পথাৰতেই অনিষ্ট হৈছিল। যিকেইপদ বিক্ৰী হৈছিল উচিত মূল্য পোৱা নাছিল কৃষকে। জুৰুলা হৈ পৰিছিল কৃষকৰ পৰিয়ালসমূহ। সেই পৰিস্থিতিৰ পাছত পুনৰ বানপানীৰ কবলত পৰিছে মাজুলীৰ কৃষকসকল। লকডাউনৰ পাছতেই পুনৰ নতুন ৰূপত গঢ়ি তোলা মাজুলীৰ কৃষিৰ পথাৰসমূহ প্ল­াৱিত কৰিছে বাঢ়নী পানীয়ে। বিশেষকৈ মাজুলীৰ ভকত চাপৰিৰ ১৬খনকৈ গাঁৱৰ প্ৰত্যেকটো পৰিয়ালেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। বছৰেকত প্ৰত্যেকটো কৃষিকৰ্ম উৎপাদনৰ যোগেদি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে মাজুলীৰ লগতে মাজুলীৰ বাহিৰলৈও উৎপাদিত কৃষিশস্য পঠাবলৈ সক্ষম হৈছে। কিন্তু এই বৰ্ষত জুৰুলা হৈ পৰিছে ভকত চাপৰিবাসী। লকডাউনৰ পাছত এইবাৰ বানৰ প্ৰভাৱত বিঘাই বিঘাই অনিষ্ট হৈছে কৃষিভূমি। ভকত চাপৰিৰ প্ৰত্যেকটো পৰিয়ালেই এতিয়া খেতি কৰা লাও, জিকা, ভোল, জলকীয়া, কোমোৰা, ভাতকেৰেলা, গোমধান, পটল, গুটিকচু, বাৰীৰ পাণকে আদি কৰি নানা তৰহৰ শাক-পাচলিৰ বাৰীসমূহ পানীৰ তলত বুৰ গৈছে। পাচলিৰ বাৰীসমূহত কৃষকসকলে কষ্ট কৰি ফচল লগোৱাৰ সময়তে এনেদৰে পানীত বুৰ যোৱাত মূৰে-কপালে হাত দিছে। ভকত চাপৰিৰ ফচলে মাজুলীৰ বহুকেইখন বজাৰ দখল কৰি থাকে, কিন্তু এইবাৰ বানে সকলো শেষ কৰি পেলালে ভকত চাপৰিৰ কৃষকৰ। আনহাতে মাজুলীৰ মথাউৰিৰ ভিতৰ অংশতো বহুকেইজন শিক্ষিত যুৱকে গঢ়ি তোলা কৃষিফাৰ্মসমূহো ধাৰাসাৰ বৰষুণ আৰু বিভিন্ন উৎসইদি সোমোৱা পানীয়ে নিঃশেষ কৰি পেলাইছে। মাজুলীৰ শালমৰা, চুমৈমাৰী, দক্ষিণ আঁহতগুৰি, নামনি মাজুলী, উজনি মাজুলীকে আদি কৰি বিভিন্ন ঠাইত বহু কৃষি বানপানীয়ে অনিষ্ট কৰিছে। জিলাখনৰ ৯৬৪ হেক্টৰ কৃষিভূমি ইতিমধ্যে বানত জলমগ্ন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *