Monday , September 21 2020
শেহতীয়া খবৰ

মাজুলীৰ এজন কভিড যুদ্ধক লৈ চৰ্চিত মাজুলী 

গণ বার্তা মাজুলীৰ  , ২৪ জুলাই :  নয়নমনি সেনাপতি ১০৮ সেৱাৰ এম্বূলেঞ্চ চলাই  সেৱা প্ৰদান কৰি  থকা কভিড যুদ্ধা জন যোৱা ২২ জুলাইত দুজনকৈ কোভিড পজিটিভ ৰোগীক  চিকিৎসালয়ত থৈ ঘূৰি অহাৰ পথত  অসুস্থ হৈ পৰাত   গাড়ী ৰাখি  ধলি পৰিল পথৰ দাতিৰ  কাষৰ এখন বাঁহৰ চাঙত  ৰোগীক সেৱাৰ মনোভাৱ আৰু নিজ কৰ্তব্য  পালন কৰি অহা   এই জন কভিড যোদ্ধাৰ নাম মজুলীত চৰ্চা হোৱাৰ ওপৰিও মাজুলী বাসীৰ বাবে  বৰ্তমান সাহসত পৰিনত হৈছে  । কোভিড ১৯ ভয়াৱহতা নিজ চকুৰে দেখি অনুভৱ কৰাৰ বাবেই কোনোদিনে কৰ্মত এলাহ নকৰো বুলি কডা° ১০৮ সেৱাৰ  চালক জনে । আমাৰ ওপৰতেই ৰোগীৰ জীৱন জড়িত আৰু ৰোগীৰ বাবেই আমাৰ জীৱন এই ধাৰনাৰে কাম কৰি অহাৰ কথা দুহাৰে যুজাৰু জনে ৷  এই গৰাকী দৃঢ়মান যুজাৰুৰ জীৱনলৈ  অহা সকলো বাধা এনেদৰেই অনায়াসে  পাৰ কৰা কাৰ্যই নয়নমনিৰ  ধৈৰ্য্য , দায়িত্ববোধৰ পৰিচয় দাঙী ধৰে ৷ ইফালে সেইসময়ত তেওঁৰ লগত থকা  সহযোগীয়ে মুৰত পানী ধালি , ভৰি মালিছ কৰি , মুৰ পিতিকি সুস্থ কৰা পৰিলক্ষিত হয় ৷  নয়নমনি সেনাপতি আৰু তেওঁৰ সহযোগী হাফিজুৰ ৰহমানে  ২২ জুলাইত কমলাবাৰী আৰু গড়মূৰত জিলা প্ৰশাসনেে ৰখা প্ৰতিষ্ঠানিক কোৱান্টাইৰ পৰা দুজন কভিড  পজিটিভ ৰোগীক লৈ জেংৰাইমুখ কোভিড হাস্পাতাললৈ লৈ গৈছিল । উল্লেখ যে পজিটিভ ৰোগী অনা নিয়া কৰা কালত প্ৰায় তিনি , চাৰি ঘন্টা পিপি কীট পৰিধান কৰি থাকিব লাগেে কিন্ত জেংৰাইমুখত দুজন ৰোগী থৈ ঘূৰি আহোঁতে ফুলনি কাৰ্কিচুক অঞ্চলত চালক আসনত থকা নয়নমনি সেনাপতিৰ মুৰৰ বিষ, উশাহ  লোৱাত কষ্ট পোৱাত  এনে অৱস্থা হয় নয়নমনি সেনাপতিৰ ৷ যেনে তেনে গাড়ী ৰখাই  পথৰ কাষত থকা এখন বাহৰ চাঙত শুই পৰে নয়নমনি সেনাপতি । বৰ্তমান  সুস্থ হৈ উঠা   নয়নমনি গড়মূৰ কভিড স্কিনিং চেন্তাৰত বিগত এমাহ ধৰি সেৱা আগবঢ়াই আছে  ৷

Leave a Reply

Your email address will not be published. Required fields are marked *