Sunday , September 20 2020
শেহতীয়া খবৰ

মাজুলী আৰক্ষীৰ অত্যাধুনিক নৌকাৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী সোনোৱালৰ

জিলা বিজেপিৰ কাৰ্যালয় আধাৰশিলা স্থাপন, জেংৰাইমুখ থানা উদ্বোধন

মাজুলী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি পুৱা ভাগত কমলাবাৰী পাৰঘাটত উপস্থিত হৈ মাজুলী আৰক্ষীৰ অত্যাধুনিক নৌকাৰ শুভ উদ্বোধন কৰে। উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলীৰ ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ সেৱাত অসম আৰক্ষীৰ তৰফৰ পৰা নদীদ্বীপটোত এখন Speed Boatৰ এই নৈকা সেৱা আৰম্ভ কৰা হৈছে।এই বিশেষ নাওখনৰ জৰিয়তে মাজুলী আৰক্ষীয়ে তাৎক্ষণিকভাৱে এটা চাপৰিৰপৰা আনটো চাপৰিলৈ গৈ পেট্ৰ’লিং কৰি আইন-শৃংখলাজনিত বিভিন্ন দিশৰ লগতে ৰাইজৰ সুৰক্ষাৰ বিষয়টো অধিক তৎপৰতাৰে তদাৰক কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।ইয়াৰ লক্ষ্য হৈছে মাজুলীৰ শ্ৰদ্ধাৰ ৰাইজ সকল বিভিন্ন চাপৰিত থাকে এই চাপৰি বিলাকত ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা স্বাৰ্থত পুলিচে টতা তৈয়াকৈ কিবা যদি অভিযোগ পাই সেয়ে সেই স্থানলৈ যাব লগা হয় তেতিয়া হলে যাতায়তৰ বহুত অসুবিধা হয় যিহেতু ব্ৰহ্মপুত্ৰৰ বুকুত আছে এটা চাপৰিৰ পৰা আন এটা চাপৰিলৈ কম সময় ভিতৰত যাব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম পুলিচে এই নৈকা সেৱা আৰম্ভ কৰা কথা কোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ক্ষেত্ৰত সাংবাদিক সকলৰ সহযোগিতা লাগিব আৰু মাজুলীবাসী ৰাইজৰ সহযোগিতা বিচাৰিছো যাতে এই সেৱা আগন্তুক দিনত ফলপ্ৰসূ হয়। মাজুলী ৰাইজৰ জীৱন,সম্পত্তি নিৰাপত্তা স্বাৰ্থত যাতে অসম পুলিচে নিষ্ঠাৰে কাম কৰিব পাৰে তাৰ বাবে এই নৈকা সেৱাই উপকৃত কৰিব বুলি উল্লেখ কৰে।নৈকাত উঠি মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় ভ্ৰমণ কৰে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ লগত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু টিংখাঙৰ বিধায়ক বিমল বৰাৰ লগতে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, মাজুলীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনকে আদি কৰি কেইবাজনো উচ্চ পদস্থ আৰক্ষী বিষয়াই সংগ দিয়ে ।উল্লেখযোগ্য যে যোৱা ৮ ছেপ্টেম্বৰত মাজুলীত আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোনোৱালে মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰ দৰিয়া পাৰত অনুষ্ঠিত মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত অংশ লৈ কেবাখনো আঁচনি শুভাৰম্ভ কৰাৰ লগতে বিয়লি মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গড়কাপ্তানী (পথ), জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ তিনিওটা চৰকাৰী বিভাগ-সংস্থাই নদীদ্বীপ জিলাখনত ৰূপায়ণ কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা কৰে।সন্ধ্যা ভাগলৈ
মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীৰ নতুনকমলাবাৰী সত্ৰখনৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ ড০ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সত্ৰৰ বাস ভৱনলৈ গৈ ভকত বৈষ্ণৱ সকলক সাক্ষাৎ কৰাৰ লগতে সত্ৰাধিকাৰ গৰাকীৰ দুখৰ সমভাগি হয়।মুখ্যমন্ত্ৰী গৰাকীয়ে নিশাটো মাজুলীত কটাই আজি দ্বিতীয়দিনা পুৱা কমলাবাৰী ঘাটত মুখ্যমন্ত্ৰী সোনোৱালে নৈকা সেৱা উদ্বোধন কৰি পোনে পোনে মাজুলীৰ গোবিন পুৰত নিৰ্মাণ কৰিবলৈ লোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাজুলী জিলা সমিতি কাৰ্য্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন অনুষ্ঠান অংশ গ্ৰহণ কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে বন্তি প্ৰজ্বলন কৰি আধাৰশিলাৰ প্ৰতীকী ফলক উন্মোচন কৰাৰ লগতে মাঙ্গলিক ধ্বনীয়ে মুখ্যমন্ত্ৰী সোনোৱালে কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে।এই কাৰ্যসূচী লগত সংগতি ৰাখি আয়োজন কৰা সভাত মুখ্যমন্ত্ৰী সোনোৱালে কয় এই খন চৰকাৰে নিষ্ঠাৰে প্ৰতিটো পৰিয়ালক বিভিন্ন আঁচনিৰ জৰিয়তে সুৰক্ষা নিৰাপত্তা আৰু অৰ্থনীতিক উন্নয়ন দিয়াৰ বাবে চেষ্টা চলাই আহিছো। ভাৰতীয় জনতা পাৰ্টি চৰকাৰ খনে অসমৰ বিভিন্ন খন জিলাৰ ভিতৰত মাজুলীক বেশেষ ভাৱে গ্ৰহণ কৰিছে যাৰ বাবে কেৱল চাৰে চাৰি বছৰটেই বিভিন্ন আঁচনি বিভিন্ন শিতানত মাজুলীলৈ হাজাৰ হাজাৰ কোটি টকা ৰাজহ বিভাগৰ ধন অহাটো সম্ভৱ হল বুলি উল্লেখ কৰাৰ লগতে ইয়াতে আজি ভাৰতীয় জনতা পাৰ্টি এটা স্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভ হল আৰু ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে বহাৰ ব্যৱস্থা হব বুলি উল্লেখ কৰে। এই কাৰ্যালয়তো উন্নত মানদণ্ডৰকৈ নিৰ্মাণ কৰিবলৈ বিজেপি মাজুলী জিলা সমিতি আৰু বিষয়ববীয়া সকলক আহ্বান জনায়।মাজুলীৰ জাতি -জনগোষ্ঠী ধৰ্মীয় ভাষিক সকলোৱে স্বাৰ্থত কাম কৰি যাম বুলি মুখ্যমন্ত্ৰী সোনোৱালে উল্লেখ কৰে।নিৰ্বাচনৰ পূৰ্ববে ২০২১ চনৰ জানুৱাৰী মাহৰ শেষ ভাগলৈ এই কাৰ্যালয় উন্মোচন কৰা কথা উল্লেখ কৰে।জিলা বিজেপিৰ সাধাৰণ সম্পাদক দেবব্ৰত দত্তই আঁত ধৰা সভাখনত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা , টিংখাঙৰ বিধায়ক বিমল বৰাৰ, জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম, শান্তনু পূজাৰীকে আদি কৰি দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে।উক্ত অনুষ্ঠানতে মাজুলী মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক তথা একালৰ অসম গণ পৰিষদ দলৰ নেতা জিতেন দত্তই সভাতেই বিজেপিত যোগদান কৰে।মুখ্যমন্ত্ৰী সোনোৱালে ডেকাক দললৈ আদৰণি জনায়।ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ অধীনত জেংৰাইমুখ থানা আৰু দক্ষিণ মাজুলী থানাৰ নৱনিৰ্মিত ভৱন দুটিৰ শুভ উদ্বোধন কৰে। আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনৰ মাংগলিক নিয়মেৰে ফলক মুকলিৰে ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জেংৰাইমুখ থানাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত কয় যে-মাজুলীৰ ৰাইজৰ বাবে আজি এই আটকধুনীয়া থানা আমি উচৰ্গা কৰিলোঁ।অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ বাবে কৰি অহা ত্যাগক সলাগ লৈছোঁ।মৈত্ৰী আচনিৰ জড়িয়তে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত ব্যৱধান কমোৱাৰ ব্যৱস্থা কৰা হৈছে।আৰক্ষীৰ পোছাক জোৰৰ যথেষ্ট গুৰু দায়িত্ব আছে।এই পোছাক জোৰৰ সন্মান ৰাখিব লাগিব বুলি উল্লেখ কৰে।ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজৰ দেউৰী ৰংগমঞ্চত দেউৰী স্বায়ত্ত পৰিষদৰ হিতাধিকাৰীলৈ অনুদান-সাহাৰ্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।   ( কমলাবাৰী পাৰ ঘাটৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী,৯ ছেপ্টেম্বৰ )

Published on 9 September 2020 | 8 : 20 pm
Updated on 10 September 2020 | 6 : 00 am

Leave a Reply

Your email address will not be published. Required fields are marked *