Thursday , August 13 2020
শেহতীয়া খবৰ

মাজুলী কংগ্ৰেছৰ সামাজিক মাধ্যমত প্ৰশিক্ষণ অনুষ্ঠিতঃ ১৩ জনৰ যোগদান কংগ্ৰেছত

পৰাণজ্যোতি বৰা, মাজুলী,১ জুলাই: মাজুলী ব্লক কংগ্ৰেছৰ অন্তৰ্গত ১০ টা মণ্ডলৰ  অন্তৰ্গত প্ৰায় শতাধিক যুৱক যুৱতী সকলক লৈ আজি ৰাজিৱ ভৱন গড়মূৰত social media ওপৰত প্ৰশিক্ষণত অনুষ্ঠিত হয়। অনুষ্ঠানত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অসম প্ৰদেশ সামাজিক ‌মাধ্যমৰ জেনেৰেল সমন্নয়ক হাফীজা বেগম।  পুৱা ১০ বজাৰৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰ‌টি আঁত ধৰে বিষ্ণু কমল পায়েঙে।  শিবিৰতি সঞ্চালনা কৰে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুৱে। উপস্থিত আছিল ব্লকৰ কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে,যুৱ কংগ্ৰেছৰ জিলা সভাপতি দেৱকান্ত দাস, জিলা ইয়ং বিগ্ৰেডৰ সভাপতি দিনমণি দত্ত। আজি প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ পৰা ১৩ জনে কংগ্ৰেছ দলৰত যোগদান কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *