Monday , September 21 2020
শেহতীয়া খবৰ

মাজুলী বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীনতাত ট্ৰেন্সফৰ্মাৰত লাগি পশুধনৰ মৃত্যু

গনবার্তা বিশেষঃ মাজুলী: ২৭ জুলাই : মাজুলী বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে আজি উজনি মাজুলীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি এজনী গাই গৰুৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া প্ৰায় ১২ মান বজাত উজনি মাজুলীৰ ৰতনপুৰ মিৰি পাঁচআলিত পথৰ ওপৰত উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰত লাগি গৰুজনী ঢলি পৰে আৰু আকস্মিক মৃত্যুক আঁকোৱালি লয়। স্মৰ্তব্য যে মাজুলী বিদ্যুৎ বিভাগৰ অমনোযোগিতাৰ বাবে অনুৰূপ ধৰণেৰে উজনি মাজুলীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নতুন বজাৰৰ মাজ-মজিয়াত বিদ্যুৎ বিভাগে স্থাপন কৰা উচ্চ প্ৰাৱল্যৰ বিদ্যুত পৰিবাহী তাঁৰ  সংলগ্ন নিৰ্দিষ্ট এটা স্থানতো দৈনিক চাৰি-পাঁচটাকৈ শালিকা আৰু কপৌ চৰায় বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী আৰু সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে। সদাব্যস্ত বজাৰখনৰ উক্ত স্থানত দৈনিক শালিকা, কপৌ মৰাৰ দৰে আন বেলেগ ভয়ংকৰ বিপদে যে দেখা নিদিব সেয়া নুই কৰিব নোৱাৰি। ইফালে কিছুদিন পূৰ্বে বজাৰখনত নতুনকৈ কেব’ল ৱায়াৰ সংযোগ কৰাৰ বেলিকাও কৰ্মচাৰীৰ ভূলৰ বাবে যান্ত্ৰিক বিজুতি ঘটি বিদ্যুতৰ খুঁটাত স্থাপন কৰা ডিপি বক্স দাউ – দাউকৈ জ্বলি উঠে । কিন্তু সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বজাৰখনৰ লগতে ডিপি বক্স সংযোগ কৰা নতুন বজাৰ অসম গ্ৰামীন বিকাশ বেংকৰ শাখা আৰু উক্ত ভৱনতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। এইকেইটা মাত্ৰ উদাহৰণহে মাথো। ইয়াৰ পূৰ্বেও মাজুলীৰ বিভিন্ন স্থানত থকা উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আৰু নিচেই চাপৰতে থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগিয়ো বহু ঘটনা সংঘটিত হৈছে যদিও গা লৰা নাই বিদ্যুৎ বিভাগৰ। এই ক্ষেত্ৰত জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উজনি মাজুলীবাসীয়ে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *