Friday , September 25 2020
শেহতীয়া খবৰ

Video | মাধৱদেৱৰ আধাত্মিক সৃষ্টিৰ আমি আগুৱাব লাগিব : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টীয়কৰ কলীয়াপানী আউনীআটি শাখা সত্ৰত মুখ্যমন্ত্ৰী

সাংবাদিক মনোজ গোস্বামীলৈ দামোদৰদেৱ গোস্বামী বঁটা 

গণ বার্তা, কাকজান, ০৭ ছেপ্টেম্বৰ :  গুৰুজনাই আমাক দি যোৱা যি আধাত্মিক সৃষ্টি সেই সমূহ দিশ লৈ আমি একবিংশ শতিকাত আমি আগুৱাই যাব লাগিব।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি কলীয়াপানী স্থিত আউনীআটি সত্ৰৰ এক অনুষ্ঠানত এনেদৰে মন্তব্য কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ দিনাই পন লোৱা প্ৰদূষণ মুক্ত অসম এই শ্লোগান পালন কৰাত প্ৰতিশ্রুতি বদ্ধ বুলি উল্লেখ কৰে। লগতে তেওঁ এক বৃক্ষ দশ পুত্ৰ সম বুলি উল্লেখ কৰি ভক্তি ভাবৰ কথা উল্লেখ কৰি ভক্তি ভাবৰ পৰাহে মানৱতা আহিব পাৰে বুলি উল্লেখ কৰে। আজি বিশ্বত সমাজ হিচাপে জনবসতি সম্ভৱ হৈছে ভক্তি ভাবৰ বাবেই। লগতে তেওঁ মাজুলী সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে মাজুলী সম্পৰ্কত আমি যিমান জানো বিদেশী পৰ্যতকে তাতকৈ বেছি জানে। লগতে তেওঁৰ কাৰ্যকালত বৰ্তমানলৈকে আঠ কোটি গছ পুলি ৰোপণ কৰা হয় বুলি উল্লেখ কৰে। তেওঁৰ কাৰ্য্যকালত ৰাজ্যখনৰ ২৪ টা স্থানত অসমৰ পুৰোধা সাহিত্যিক সকলৰ নামত একোখনকৈ উদ্যান স্থাপন কৰা হব বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে আজি মাধৱদেৱেৰ তিথি উপলক্ষে কলিয়াপানী স্থিত আউনীআটি শাখা সত্ৰত দামোদৰদেৱ বঁটা প্ৰদান আৰু দিব্য উপৱন উদ্ধোধন উপলক্ষে আয়োজিত এক অনুষ্ঠানত দিনৰ ১১ বজাত পূৰ্বনিৰ্ধাৰিত সূচীৰ পৰিবৰ্তে ১ বজাত অসমৰ মুখ্যমন্ত্ৰী আহি সত্ৰখনত উপস্থিত হয়। সত্ৰৰ জাপি তোৰণৰ পৰা সত্ৰীয়া এক সাংস্কৃতিক কাৰ্য্যসূচীৰে প্ৰস্তাৱিত দিব্য উপৱনলৈ আদৰি নিয়া হয় মুখ্যমন্ত্ৰীজনক।উক্ত স্থানত মুখ্যমন্ত্ৰীয়ে এক গছ পুলি ৰোপণ কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী জনক নামঘৰ গৃহত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত সত্ৰীয়া নিয়মেৰে আদৰণি জনোৱা হয়। সত্ৰৰ বৈষ্ণৱ গজেন ভূঞাই আঁত ধৰা সভাখনত লোকশিল্পী চুমিত শ্যাম শইকীয়াই এক দিহানাম পৰিবেশন কৰে। উদ্ধোধনী ভাষণত সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেবগোস্বামীয়ে দিব্য উপৱনৰ গূঢ়াৰ্থ ব্যক্ত কৰে।আজিৰ সভাতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আউনীআটি সত্ৰৰ দুজন বয়োজ্যেষ্ঠ বৈষ্ণৱ সত্ৰৰ নাও শিল্পৰ বিশিষ্ট শিল্পী তথা সত্ৰৰ গায়ন ১০১ বৰ্ষীয় টুলাৰাম বৰা আৰু ৩৩ ৰাগ পৰিবেশন কৰাৰ দক্ষতা থকা বয়োজ্যেষ্ঠ বৈষ্ণৱ বাসুদেৱ বৰা গায়নক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।দামোদৰ দেৱ ন্যাসৰ সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বঁটা প্ৰাপক মনোজ গোস্বামীক এই বঁটা প্ৰদান কৰে। উক্ত বঁটাত আছে এখনি গামোচা, চেলেং, বেতৰ বিচনী, সঁফুৰা, এখন প্ৰশস্তি পত্ৰ আৰু নগদ পোন্ধৰ হাজাৰ টকা। বঁটা প্ৰাপক মাজুলীৰ মনোজ গোস্বামীৰ অতীত পৰিয়াল সম্পৰ্কত আলোকপাত কৰে বদন দুলাকাষৰীয়া আৰু হেৰম্বৰ হাজৰিকাই। বঁটা গ্ৰহণ কৰি বঁটা প্ৰাপক মনোজ গোস্বামীয়ে আউনীআটি সত্ৰৰ সাহিত্যৰ ইতিহাস সম্পৰ্কত এক তথ্যসমৃদ্ধ আৰু মননশীল ভাষণ প্ৰদান কৰাৰ লগতে তেওঁক বঁটাৰ বাবে নিৰ্বাচিত কৰাত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। আজিৰ সভাখনত ঝুমুৰা নৃত্য পৰিবেশন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে আউনীআটি সত্ৰৰ বৈষ্ণৱ বৃন্দই।উক্ত সভাখনত আউনীআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামী, টিংখাঙ সমষ্টিৰ বিধায়ক বিমল বৰা,যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটে, অসমৰ অতিৰিক্ত বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ, চিকিৎসক কপিল হাজৰিকা, বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ তথা সমাজ সেৱক যদু বুঢ়াগোহাঁইকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।  ( বিৰাজ বৰা, কাকজান )

 

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথিত যোৰহাটৰ শ্ৰীশ্ৰী আউনীআটী কলিয়াপানী শাখা সত্ৰ নাম-প্ৰসংগ, ঝুমুৰা নৃত্যৰে…

Posted by Sarbananda Sonowal on Monday, 7 September 2020

 

Leave a Reply

Your email address will not be published. Required fields are marked *