Home Main Stories মাহতাব উদ্দিন আহমেদৰ অপ্ৰত্যাশিত বিয়োগত শোকস্তব্ধ

মাহতাব উদ্দিন আহমেদৰ অপ্ৰত্যাশিত বিয়োগত শোকস্তব্ধ

115
0

ছাহজাহান তালুকদাৰ

এজন বিশিষ্ট সমাজকৰ্মী, দক্ষ প্ৰশাসক, সামাজিকভাৱে দায়বদ্ধ, প্ৰগতিশীল চিন্তাবাহক, সমাজৰ নিষ্পেষিত-নিপীড়িত শ্ৰেণীক লৈ এক সুস্থ-সবল সমাজ গঢ়ি তোলাৰ স্বপ®দ্ৰষ্টা মাহতাব উদ্দিন আহমেদ আৰু নাই বুলি ৰাতিপুৱাই খবৰটো পালো। এই খবৰ গুৱাহাটীবাসীৰ বাবে খুবেই অপ্ৰত্যাশি¸ত, অনাকাংক্ষিত আৰু আকস্মিক আছিল। মাত্ৰ ৬৫টা বছৰ গৰকা অমায়িক, সহজ-সৰল, বুদ্ধিদীপ্ত মানুহজনে গুৱাহাটী তথা অসমবাসীক কন্দুৱাই পৰলোকলৈ গমন কৰিলে। কথাষাৰ বহুতেই মানি ল’ব পৰা নাছিল। ২২ এপ্ৰিল তাৰিখে ক’ভিডত আক্ৰান্ত হৈ মাহতাব উদ্দিন আহমেদ গুৱাহাটীৰ এপলো হাস্পতালত ভৰ্তি হৈছিল আৰু এসপ্তাহ কোৰোনাৰে যুঁজি যুঁজি তেওঁ জীৱনযুদ্ধত হাৰ মানিলে। আজি পৱিত্ৰ ৰমজান মাহৰ পৱিত্ৰ শুকুৰবাৰে তেওঁক বেহেস্তলৈ যেন মাতি লৈ গ’ল, এনে লাগিছিল খবৰটো শুনি। ভাৰতবৰ্ষত আজিৰ দিনটোত যেন বহু প্ৰতিভাৱান সমাজৰ বিশিষ্ট ব্যক্তিৰ পৰলোকৰ বাতৰিৰ ধুম উঠিছে। উচ্চতম ন্যায়ালয়েও চিকিৎসা ব্যৱস্থাপনা সঠিক হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন কৰিছে আজি। অসহায় আৰু বিফল চৰকাৰ বুলি পৃথিৱীবাসীৰ ওচৰত প্ৰতিপন্ন হৈছে এই প্ৰশ্নলানিৰ পৰাই। কিয় চিকিৎসা খণ্ডৰ ইমান পয়ালগা অৱস্থা? চিকিৎসাৰ আন্তঃগাঁথনি আৰু ভৱিষ্যতৰ ক’ভিড ব্যৱস্থা কি হ’ব— সচেতন মহলৰ মাজত উদ্বিগ্নতা |

মাহতাব উদ্দিন আহমেদে মঙলদৈ হায়াৰ ছেকেণ্ডাৰীৰ পৰা উত্তীৰ্ণ হৈ ১৯৭২ চনৰ পৰা ১৯৭৪লৈ কটন কলেজত পঢ়িছিল আৰু স্নাতক ডিগ্ৰী লৈ অসম লোকসেৱা আয়োগৰ অসম বিত্তীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেঁও অসম চৰকাৰৰ এগৰাকী নিকা আৰু দক্ষ ভাবমূৰ্তিৰ বিষয়া আছিল। তেওঁ নলবাৰী জিলাৰ উপায়ুক্তৰ উপৰি নামনি অসমৰ আয়ুক্ত ৰূপে সততাৰে কাম কৰিছিল। এইগৰাকী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া খুবেই সামাজিক আছিল |

তেওঁ কটন কলেজৰ চি এম এলুমনী এছ’চিয়েচন গঢ়ি তুলিছিল আৰু ইয়াৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। মন কৰিবলগীয়া যে ২০১৬ চনৰ ৩১ জুলাইত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিজকে নিয়োজিত কৰে। লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত হৈ সমাজসেৱাত ব্ৰতী হয় মাহতাব উদ্দিন আহমেদে। অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি ভাতৃতবোধৰ সাঁকোৰে এখন প্ৰগতিশীল সমাজ তৈয়াৰ কৰাৰ উদ্দেশ্যেৰে অসম চিভিল ছ’চাইটি নামৰ এক বৌদ্ধিক আৰু আৰ্থ সামাজিক সংগঠনত যোগদান কৰি উক্ত সংগঠনৰ কাৰ্যকৰী সভাপতি পদৰ দায়িত্ব লৈছিল। সমাজৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতি হঠাৎ থমকি ৰ’ল। আজি মাহতাব উদ্দিন আহমেদে জীৱনবন্তি নুমাই ইহ জগতৰ পৰা বিদায় ল’লে আৰু এই বিদায় আমাৰ বাবে অসহনীয়।

তেঁওৰ জন্ম হৈছিল ১৯৫৬ চনত মঙলদৈৰ দলগাঁৱৰ মুছলিম অধিকাৰী গাঁৱৰ এটা মৌজাদাৰ পৰিয়ালত। তেওঁৰ পিতৃ মৰহুম আলহাজ ৰিয়াজুদ্দিন আহমেদ। মাতৃ মুছাম্মদ আছলিমা বেগম ৮৪ বছৰতো আজিও সুস্বাস্থ্যৰ অধিকাৰী। তেওঁৰ পত্নী ৱাহিদা আহমেদ বৰ্তমান দিছপুৰ হায়াৰ ছেকেণ্ডাৰীত কৰ্মৰত। দুগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান ক্ৰমে— নিৱাজ নায়ুম আহমেদ (ব্যৱসায়ী), জিছান ফজিল আহমেদ (এমটেক) ব্যক্তিগত ফাৰ্মত কৰ্মৰত। বিবাহিত কন্যা মেহজাবিন ইছলাম। আমি তেওঁলোকৰ পৰিয়ালৰ সমানেই শোকাহত আৰু গভীৰ সমবেদনা জনাইছো এই লিখনিৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here