Friday , September 25 2020
শেহতীয়া খবৰ

মাৰ্ঘেৰিটাত চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ আৰু পৰিকল্পিতভাবে একাংশ ব্যৱসায়ীক মিছা অভিযোগ ।   

গণবাৰ্তা,লেখাপানী,৩ আগষ্ট  : মাৰ্ঘেৰিটা আৰক্ষী থানাৰ  দ্বাৰা শনিবাৰ নিশা দুখনকৈ চোৰাং কয়লাভৰ্তি  ট্ৰাক জব্দ আৰু সংবাদমাধ্যমত পৰিকল্পিতভাবে দুজনকৈ প্ৰতিষ্ঠিত ব্যৱসায়ীক মিছা অপবাদ দিয়া কাৰ্য্যই বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ব্যৱসায়ী মহলত।প্ৰায় দুমাহ পূৰ্বে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ উত্তৰপূৱ কয়লাক্ষেত্ৰ বন্ধ কৰি দিয়া হয়।যাৰ বাবে উদ্যোগটোৰ সমান্তৰালভাৱে চোৰাং কয়লাৰ বজাৰখনো স্তব্দ হৈ পৰে। কিন্তু যোৱা নিশা আকস্মিক ভাবে  মাৰ্ঘেৰিটা আৰক্ষীয়ে দুখনকৈ চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই চোৰাং কয়লা বজাৰখন চেগাচোৰাকৈ চলি থকাৰ প্ৰমাণ দাঙি ধৰে। উল্লেখ্য যে শনিবাৰে নিশা মাৰ্ঘেৰিটা  থানাত নজনোৱাৰ অপৰাধত আৰু এন্টিৰ ধন  নিদিয়াৰ বাবে দুখনকৈ চোৰাং কয়লাভৰ্তি ট্ৰাক ,যথাক্ৰমে এ এচ ২৩ চি চি  ০৪৮০ আৰু এ এচ ২৩ এ চি ৭৭৭৭  জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালকদ্বয় সংগ্ৰাম ছেত্ৰী আৰু পংকজ সিং সহ চোৰাং ব্যৱসায়ী ৰাজেশ দেৱনাথক আটক কৰা হয়।তেওঁলোকৰ ভাষ্য মতে সমুদায় কয়লা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত এটা শিল ভঙা মিলত অবৈধ ভাবে লুকুৱাই  থোৱা   অৱস্থাৰ পৰা ক্ৰয় কৰি দেৱনাথ এণ্ড এণ্টাৰপ্ৰাইচ নামৰ প্ৰতিষ্ঠান এটাৰ দ্বাৰা   বহি:ৰাজ্যলৈ  নিয়াৰ পৰিকল্পনা কৰা হৈছিল।  প্ৰনিধানযোগ্য যে সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে যদিও একাংশ সংবাদমাধ্যমে অজ্ঞাত কাৰণত মূল অভিযুক্তক আন্ধাৰত ৰাখি দুজন নিৰ্দোষী ব্যৱসায়ীৰ নাম বাতৰিত সন্নিৱিষ্ট কৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।স্থানীয় প্ৰতিষ্ঠিত ব্যৱসায়ী গোবিন্দ ছেত্ৰী আৰু সুনীল গুৰুংক উদ্দেশ্যপ্ৰনোদিতভাৱে চোৰাংকয়লাৰ গৰাকী বুলি চলোৱা অপপ্ৰচাৰক দুয়ো ব্যৱসায়ীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে আইনৰ সহায় লো্ৱাৰ কথাও ব্যক্ত কৰে ।এওঁলোকে অদুৰ ভৱিষ্যতে এনে ভিত্তিহীন বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবৰ বাবে সংবাদকৰ্মী কেইগৰাকীক

Leave a Reply

Your email address will not be published. Required fields are marked *