Sunday , September 20 2020
শেহতীয়া খবৰ

মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দাবীদাৰ প্ৰবীণ কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ 

গণ বার্তা, ৩১ আগষ্ট :  ৰাজ্যত ক্ৰমান্বয়ে আৰম্ভ হৈছে  ৰাজনৈতিক দলৰ ২০২১ নিৰ্বাচনী প্ৰচাৰ তৎপৰতা । অসমৰ প্ৰত্যেক সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে কৰিছে  নিৰ্বাচনী  কুচকাৱাজ । অসমৰ বিধানসভাৰ অন্যতম সমষ্টি হৈছে ১২৪ নং মাৰ্ঘেৰিটা সমষ্টি । মাৰ্ঘেৰিটা সমষ্টিৰ বিগত ১৫ বছৰীয়া কংগ্ৰেছৰ অধীনত থকা অন্যতম সমষ্টিটো ২০১৬ চনত গেৰুৱা দলটোৱে টচ- নচ কৰি কংগ্রেছৰ হাতৰ পৰা দখল কৰি অভিলেখ ৰচিছিল এই কথা সৰ্বজন জ্ঞাত । তেনেস্থলত বিগত সময়ত ভালে সংখ্যক প্ৰবীণ কংগ্ৰেছী নেতা আৰু পালি নেতাই গেৰুৱা দলত যোগদান কৰাত মাৰ্ঘেৰিটা কংগ্ৰেছ দল শূণ্য বুলি দাবী কৰিছিল একাংশ গেৰুৱা দলৰ নেতাই । পৰৱৰ্তী সময়ত কংগ্ৰেছৰ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ গুৰি ধৰোতা প্ৰদ্যুৎ বৰদলৈ নগাঁও লোক সভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত মাৰ্ঘেৰিটা সমষ্টিৰ দ্বিতীয় গৰাকী কংগ্ৰেছ দলৰ গুৰি ধৰোতা হিচাপে প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি বাসুদেৱ ছেত্ৰীয়ে নিঃস্বাৰ্থ ভাৱে কংগ্ৰেছ দলটোৰ দলীয় কামকাজ সমূহ আগুৱাই নিয়াত আগভাগ লৈছে  । আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত কেনেদৰে কংগ্ৰেছ দলটো গা কৰি উঠিব,  কেনেদৰে পুনৰ মাৰ্ঘেৰিটা সমষ্টি কংগ্ৰেছ শাসনলৈ আহিব , এই সন্দৰ্ভত ব্লু প্ৰিন্ট প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলাৰ পৰিলক্ষিত হৈছে বাসুদেৱ ছেত্ৰীৰ নেতৃত্বত । বিশেষ কাৰ্য্য পন্থা হাতত লৈ  মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজা আৰু টিৰাপ মৌজাৰ প্ৰতিটো পঞ্চায়তৰ তৃণমূল পৰ্য্যায়ৰ পৰা লৈ বুথ কমিটিৰ আৰু যুৱ সমাজৰ মাজত নিৰ্বাচনী প্ৰচাৰ বাসুদেৱ ছেত্ৰীয়ে অব্যাহত ৰখাত অনুৰাগী সকলৰ মাজত বিপুল সমাদৰ লাভ কৰা দেখা গৈছে । ধাৰাবাহিক ভাবে ৰাইজৰ মাজত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাজহুৱা সভা আহ্বান কৰি নিৰ্বাচনী প্ৰচাৰৰ কৌশলগত ভাবে আগুৱাই নিয়াত এক প্ৰকাৰে বাসুদেৱ ছেত্ৰীৰ মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰাটো জনসাধাৰনে বিচাৰিছে । বুঢ়ীদিহিং আৰু টিৰাপ মৌজাৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে বিগত কংগ্ৰেছ দলৰ হৈ অঞ্চলি পঞ্চায়তৰ সভাপতি হিচাপে বাসুদেৱ ছেত্ৰীয়ে সমাজৰ বহুতো সমস্যা দূৰ কৰি কংগ্ৰেছ দলক আন্তৰিকতাই লৈ নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াইছিল  আৰু এইবাৰ কংগ্ৰেছ দলৰ হৈ বাসুদেৱ ছেত্ৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰাটো এটা সূত্ৰই প্ৰকাশ কৰিছে । যি সময়ত মাৰ্ঘেৰিটা সমষ্টিটো গেৰুৱা দলে দখল কৰা লগে লগে একাংশ কংগ্ৰেছ দলৰ নেতা আৰু পালি নেতাই স্বাৰ্থ সিদ্ধি কৰিবলৈ উঠি পৰি গেৰুৱা দলত যোগদান কৰিছিল তেনেস্থলত কংগ্ৰেছৰ বেয়া দিনটো বাসুদেৱ ছেত্ৰীয়ে কংগ্ৰেছ দল ত্যাগ নকৰি নিজৰ দলটো ধৰি ৰাখিবলৈ সক্ষম হোৱাত কংগ্ৰেছ দলৰ তৃণমূল পৰ্য্যায়ৰ পৰা লৈ প্ৰবীণ কংগ্ৰেছী সকলে বাসুদেৱ ছেত্ৰীকহে বিশ্বাসৰ যোগ্য বুলি জনসাধাৰনে উৎসাহ উদীপনা যোগোৱা পৰিলক্ষিত হৈছে । মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব দাবীদাৰ  তিনি চাৰি গৰাকীৰ মাজত অন্যতম হিচাপে বাসুদেৱ ছেত্ৰীহে বৰ্তমানলৈকে প্ৰচাৰিত হৈ  আছে । পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা সমষ্টিটোত কংগ্ৰেছ দলৰ হৈ কোনে প্ৰাৰ্থীত্ব লাভ কৰিব সেয়াহে  লক্ষণীয় হব  ।

Leave a Reply

Your email address will not be published. Required fields are marked *