Monday , September 21 2020
শেহতীয়া খবৰ

মুকলি আকাশৰ তলত বিতু সোনোৱাল, গৃহাভিমুখী যাত্ৰা বিতু সোনোৱালৰ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড় , ১১ আগষ্ট  : সম্পূৰ্ণ সাতমাহ বিশদিনৰ মূৰত কাৰাগাৰৰ পৰা মুকলি হৈ কভিদ ট্ৰিটমেণ্টত থাকি জুলাই মাহৰ ১৯ তাৰিখে কভিদমুক্ত হৈ আজি মাকুম গৃহাভিমুখী হ’ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিতু সোনোৱাল ৷ অনেক গুণমুগ্ধই উজনি অসমৰ বিভিন্ন ঠাইত ফুলাম গামোছা আৰু বিতু সোনোৱাল জিন্দাবাদ ধ্বনিৰে উপস্থিত হৈ পৰিবেশ আনন্দমুখৰ কৰি তোলে ৷ ডিব্ৰুগড়তো পূৰণা কৰ্টৰ সন্মুখত নাৰী মুক্তি সংগ্ৰাম সমিতি , সংগ্ৰামী প্ৰগতিশীল নাৰীসন্থা ,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ডিব্ৰুগড়ৰ কেইবাটাও সংগঠনে ফুলাম গামোছাৰে আদৰণি জনায় ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জনে অসমৰ ৰাইজ তথা বিভিন্ন দল সংগঠনক ধন্যবাদ দি কয়, “একমাত্ৰ ৰাইজৰ প্ৰতিবাদৰ বাবেই আজি মুকলি আকাশৰ তলত থিয় হ’বলৈ সক্ষম হ’ লোঁ। যোৱা ডিচেম্বৰৰ ১৩ তাৰিখৰ পৰা চাৰে সাতমাহ কাৰাগাৰত বন্দীত্বৰ জীৱন কটালোঁ। বিজেপি চৰকাৰে ষড়যন্ত্ৰ মূলক ভাৱে NIA ৰ দ্বাৰা মিছা গোচৰ জাপি দি সম্পূৰ্ণৰূপে স্বৈৰাচাৰী, ল’ৰা ৰজাৰ শাসনেৰে বিজেপিয়ে ৰাজনৈতিক ভাৱে আমাক হত্যা কৰি, সাত, দহ বছৰ জেলত ৰখাৰ পৰিকল্পনা কৰিছিল ” বুলি তীব্ৰ ভাষাৰে বিজেপি চৰকাৰক গৰিহণা দিয়ে । নেতা গৰাকীয়ে লগতে কয়, “২০০৯ চনৰে গোচৰ আমাৰ চাৰিজনৰ ওপৰত জাপি দিছে। এটা অতিৰিক্ত গোচৰ অখিল গগৈৰ বিৰুদ্ধে চাবুৱাত কোনোবাই এগৰাকী আৰক্ষী বিষয়াক শিলগুটি মাৰি নাক ভাঙিলে বুলি গোচৰ ৰুজু কৰিছিল। NIA ৰ দৰে ভাৰতৰ বৃহৎ সংস্থাই নাকৰ শিলগুটি মৰাৰ তদন্ত কৰিব নেকি বুলি ছাত্ৰ নেতা গৰাকীয়ে প্ৰশ্ন কৰিছে। লগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, অখিল গগৈৰ মুক্তি নিদিয়ালৈকে বিজেপি চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব । কোনো অসমীয়াই “কা” নামানে, এই আন্দোলন পৰৱৰ্তী সময়ত অসমৰ শেষজন ব্যক্তিলৈকে আগবঢ়াই নিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে। লগতে কয়, ” ঘৰমুখী যাত্ৰাত ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ যি মৰম চেনেহ পাইছে এই আদৰে মাতৃভূমিৰ প্ৰতি দ্বায়িত্ব বঢ়াই তুলিলে। অসমবাসীক
বিশেষ ভাৱে আহ্বান জনায় কয় যে, পূৰ্বতকৈও কা আন্দোলন তীব্ৰ হব , কেৱল হিংসাত্মক আন্দোলনৰ পৰা বিৰত থাকি ২০২১ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰি উচিত প্ৰত্যুত্তৰ দিব লাগিব। অখিল গগৈক ৰাইজেই জেলৰ পৰা উলিয়াই আনিবলৈ সক্ষম হ’ব বুলিও ছাত্ৰ নেতাজন আশাবাদী। নেতা জনৰ মতে, অখিল গগৈক চৰকাৰে এৰি নিদিয়ে কাৰণ আগন্তক নিৰ্বাচনত বিজেপিৰ সান্দহ খোৱা বালি তল যাব। গতিকে নেতা গৰাকীয়ে আহ্বান জনাইছে অসমৰ ৰাইজক। তেওঁক যেনেকৈ কৰ’ ণাৰ ভয়কো আওকাণ কৰি সমগ্ৰ ৰাজ্য জুৰি চলা প্ৰতিবাদে জেলৰ পৰা উলিয়াবলৈ সক্ষম হ’ ল। ঠিক তেনেদৰেই জেলৰ পৰা ওলাই আহিব অখিল গগৈ।

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। )

Leave a Reply

Your email address will not be published. Required fields are marked *