Home Main Stories মুখ্যমন্ত্ৰী কোন হ’ব, সৰ্বানে হিমন্ত !

মুখ্যমন্ত্ৰী কোন হ’ব, সৰ্বানে হিমন্ত !

45
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’:  বিজেপিয়ে আশা কৰাৰ দৰেই নিৰ্বাচনত সফলতা লাভ কৰিছে। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ দম্ভ আৰু অংকাৰক ধূলিসাৎ কৰি আজি অসম বিধানসভা নিৰ্বাচনত বিজয়ধবজা উৰুৱাবলৈ সক্ষম হ’ল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ফলাফলৰ পূৰ্বে সংবাদ প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা নিৰ্বাচনী সমীক্ষা অনুসৰিয়েই বিজেপিৰ মিত্ৰজোঁটে লাভ কৰিলে প্ৰায় ৮০খন আসন। একপ্ৰকাৰ আজি বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ গ’ল মহাজোঁট। দ্বিতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ বিজেপিৰ চৰকাৰ। অসমবাসী ৰাইজে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰিলে বিজেপি মিত্ৰজোঁটক। মিত্ৰজোঁটে বিজয়ধবজা উৰুৱাবলৈ সক্ষম হৈছে যদিও এতিয়া সকলোৰে মুখে মুখে এটাই চৰ্চাৰ বিষয় হৈ পৰিছে— অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব- সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্তৰ কষ্টক কোনেও নুই কৰিব নোৱাৰে। সকলোধৰণৰ ঘাত-প্ৰতিঘাত একাষৰীয়া কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে নিৰ্বাচনী প্ৰচাৰত বীৰৰ দৰে জঁপিয়াই পৰিছিল মন্ত্ৰী হিমন্ত। নিৰ্বাচনৰ সময়ত কৰা কষ্ট যেন সাৰ্থক হৈছে, তাকেই আজিৰ ফলাফলে প্ৰমাণ কৰিছে। বিগত সময়ছোৱাত এটা কথা সকলোৰে মনত উদয় হৈছিল যে দ্বিতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা। এতিয়া সকলোৰে মুখত এই শব্দটোৱেই উচ্চাৰিত হৈছে যে ক্ষমতালৈ আহিল মিত্ৰজোঁট। কিন্তু মুখ্যমন্ত্ৰী কোন হ’ব ? বিগত পাঁচ বছৰীয়া শাসনকালত সোণোৱালৰ ভূমিকাক লৈও অসমবাসী ৰাইজে শলাগ লৈছে। এইগৰাকী জাতীয়þ নায়ক সোণোৱালৰ গাত বিগত পাঁচটা বছৰে একো চেকা দেখিবলৈ পোৱা নাই অসমবাসী ৰাইজে। ‘সবকা সাথ সবকা বিকাশ’ নীতিৰে সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত মাত মাতি গৈছিল সোণোৱালে। বিগত পাঁচটা বছৰত সোণোৱালৰ সমান্তৰালকৈ মন্ত্ৰী হিমন্তৰ ভূমিকাও লেখত ল’বলগীয়া। বিগত বৰ্ষৰ কোৰোনা মহামাৰীৰ সময়ত অসমবাসী ৰাইজক এক ক’লা ডাৱৰৰ পৰা কিদৰে সকাহ দিছিল সেয়া আজিও সকলোৰে মুখ মুখে। কোৰোনা মহামাৰীৰ সময়ত নিজৰ জীৱনকো নেওচি অসমবাসীক ৰক্ষাৰ বাবে এটাৰ পিছত এটাকৈ দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰি গৈছিল। সোণোৱাল চৰকাৰৰ পাঁচবছৰীয়া শাসনকালত হিমন্তৰ ভূমিকাও কোনেও নুই কৰিব নোৱাৰে। এইক্ষেত্ৰত এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্তই যৌথভাৱে শাসনৰ ভাৰ চম্ভালিছিল। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰী সোণোৱালে হিমন্তৰ পৰামৰ্শ লৈছিল। আনপিনেদি সোণোৱালৰ দিহা-পৰামৰ্শৰে হিমন্তই এটাৰ পিছত এটাকৈ সুচাৰুৰূপে কাম কৰি গৈছিল। দুয়োগৰাকী নেতাৰ ভূমিকা লেখত ল’বলগীয়া। দিল্লীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে অসমত মুখ্যমন্ত্ৰী যিয়েই নহওক কিয়, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই যে সমানেই গুৰুদায়িত্ব লাভ কৰিব সেয়া নিশ্চিত। দুই-এদিনৰ ভিতৰতেই দিল্লীলৈ উৰা মাৰিব সৰ্বা আৰু হিমন্ত। এই দুয়োগৰাকী নেতাৰ মতামতৰ ভিত্তিতেই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰণ হ’ব বুলি দিল্লীৰ এক সূত্ৰই জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here