Wednesday , September 23 2020
শেহতীয়া খবৰ

মুখ্যমন্ত্ৰী গৃহ জিলা ডিব্ৰুগড়ত বানাক্ৰান্তৰ উচুপনি

গণ বার্তা, ডিব্ৰুগড় , ১৭ জুলাই : মুখ্য মন্ত্ৰী গৃহ জিলা ডিব্ৰুগড়ত চকুলো টুকিছে বানাক্ৰান্ত ৰাইজে । ডিব্ৰুগড়ৰ মৰাণ সমষ্টি এতিয়া বানৰ কবলত । ঘৰৰ মূধচে পানী কাটিছে ডিব্ৰুগড়ৰৰ বহু গাৱত। মৰাণ সমষ্টি ৪০ (40) খনৰো অধিক গাঁও পৰিছে ভয়াবহ বানৰ কবলত। দিহিং চেঁচা আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ বানে বৃষ্টয় ক্ষতি সাধন কৰিছে দহ হাজাৰৰো অধিক পৰিয়ালৰ। যোৱা পঞ্চাশ বছৰো অধিক কাল এনেদৰে ভয়াবহ বানৰ কবলত পৰি আহিছে এই সকল লোক।
ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰ লেজাই কলাখোৱা বৃহৎ অঞ্চলৰ এই দৃশ্য। এই বৃহৎ অঞ্চলত ৰাইজে এতিয়া এসাজ খাই, এসাঁজ নোখোৱাকৈ দিন কটাব লগীয়া হৈছে। অঞ্চলটো ইটাখুলি চাকৈপথাৰ, বামকলাখুৱা, মাজগাওঁ, বৰদৈবাম, দীঘলীয়া, মইনামিৰি গাঁও, আদিকে ধৰি বহু অঞ্চল এতিয়া পানীৰ তলত। খাদ্য, খোৱা পানী আদি অভাৱত পৰিছে সৰ্বসাধাৰণ,। ইতিম্যে ৪০ খনৰো অধিক গাঁৱৰ লগত যোগাযোগ বিছিন্ন হৈ পৰিছে। হাজাৰ হাজাৰ পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ পৰিছে। ইফালে হাজাৰ হাজাৰ কৃষী ভূমি পানীৰ তলত ডুব গৈছে। খাদ্য অভাৱত মৃত্যু হৈছে হাজাৰ হাজাৰ পশু ধন।
চেচা নদীৰ ৰিং বান্ধৰ ওপৰেদি পানী সোমাই অহা বাবে ভয়াবহ বান সৃষ্টি হৈছে এই বৃহৎ অঞ্চলত। ইফালে ৰিং বান্ধ ওপৰেদি সোমাই অহা পানী নদীলৈ ওলাই যাবলৈ ৰাস্তা নথকা বাবে লেজাই কলাখোৱা অঞ্চল এতিয়া বৃহৎ পুখুৰীত পৰিণত হৈছে। যোৱা দুটা মাহে এইদৰে বানত ককবকাই থাকিব লগা হৈছে এই লোকসকল। ইফালে জিলা প্ৰশাসন ফালৰ পৰা কিছু খাদ্য সামগ্ৰী দি দায়িত্ব সামৰা কথা কৈছে স্থানীয় লোকে। এফালে ডিব্ৰুগড়ত কৰোনা গণ সংক্ৰমণৰ আন ফালে ভয়াবহ বানৰ মাজত সোমাই পৰিছে ডিব্ৰুগড় বাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *