Thursday , August 13 2020
শেহতীয়া খবৰ

মুখ্যমন্ত্ৰী মাজুলীত থাকোতেই বান গৰাখহনীয়া প্ৰতিৰোধ আঁ‌চনি ৰুপায়ন কৰিলে মিচিং জাতীয় সংগঠনেঃ মুখ্যমন্ত্ৰী সমষ্টিত ৰাজহুৱা শ্ৰমদান 

গণ বার্তা, মাজুলী ৩০জুলাইঃ -মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহসমষ্টি মাজুলীত আজি মিচিং জাতীয় সংগঠনৰ অৰ্ধ শতাধিক সদস্যই বান-গৰাখহনীয়া প্ৰতিৰোধত আজি নিজেই নামি পৰিল।মাজুলীত কৰ্মৰত সুৰক্ষা এজেন্সিসমূহৰ প্ৰতি তীব্ৰ প্ৰতিবাদ জনাই আজি নামনি মাজুলীৰ কৰদৈগুৰিৰ নামনিত মুদৈজানাৰু বৰজানৰ গৰাখহনীয়া প্ৰতিৰোধত নামি পৰিল টি এম পি কে. এম এম কে ৰ অৰ্ধশতাধিক সদস্যই।ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশৰ পৰা বৈ অহা এটা কোবাল সুঁ‌তিয়ে নামনি মাজুলীৰ কৰদৈগুৰিৰ নামনিত মুদৈজান পথাৰৰ পৰা  বান্দৰবাৰী লৈকে ব্যাপক গৰাখহনীয়া সৃষ্টি কৰি আছে।যোৱা এমাহ ধৰি অঞ্চলটোত চলি থকা উক্ত ভয়ংকৰ গৰাখহনীয়াই বহু হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ নিয়ালে।মাজুলীৰ ভৌগোলিক  সুৰক্ষা বাবে  কৰ্মৰত ব্ৰহ্মপুত্ৰ বৰ্ড,টিকে কোম্পানী,জলসম্পদ বিভাগ সকলোৱে অঞ্চলটোক উপেক্ষা কৰাৰ বাবেই গৰাখহনীয়াই চূড়ান্ত ৰুপ ধাৰণ কৰিলে।উক্ত গৰাখহনীয়া কৰদৈগুৰিৰ পৰা কৰতিপাৰলৈ যোৱা মূল পথটো খহাই নিঃশেষ কৰাৰ পাছত নামনি মাজুলীৰগড়কাপ্তানী পথ, নামনি মাজুলী মহাবিদ্যালয়,জাতীয় বিদ্যালয়,বৃহত্তৰ মহৰিচুক অঞ্চললৈ ভাবুকি আহিছে।সমগ্ৰ নামনি মাজুলীৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাত আজি কৰতিপাৰ আঞ্চলিক টি এম পি কে আৰু এম এম কে ৰ সদস্যসকলে খহনীয়াপ্ৰ্ৱন অঞ্চলটোত বাহৰ বুৰুজ আৰু ক্ৰীৱছ নিৰ্মাণ কৰি খহনীয়া প্ৰতিৰোধৰ কামৰ কৰে।মহৰিচুক কৰতিপাৰৰ অঞ্চলৰ ৰাইজৰ দ্বাৰা দান কৰা বাহেৰে আজি মিচিং জাতীয় সংগঠনৰ সদস্যসকলে উক্ত খহনীয়া প্ৰতিৰোধৰ কাম কৰে।তেওঁলোকে প্ৰতিকূল বতৰকো নেওচি আজি পাঁ‌চখ্ন বুৰুজ আৰু পাঁ‌চটা ক্ৰীৱচ গৰাখহনীয়া অঞ্চলটোত সংৰোপন কৰে।সমগ্ৰ দিনজুৰি আজি উক্ত শ্ৰ্মদান কাৰ্যসূচী চলোৱা হয়।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি নিজ গৃহ সমষ্টিৰ গড়মুৰ আৰু কমলাবাৰীত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থাকোতেই নামনি মাজুলীত মিচিং জাতীয় সংগঠনে ৰাজহুৱা   শ্ৰমদান কৰি খহনীয়া প্ৰতিৰোধৰ  কাম কৰাতো  বিশেষ তাৎপৰ্য প্ৰ্দান কৰিছে।আজিৰ উক্ত শ্ৰমদান কাৰ্যসূচী  এম এ চিৰ সাধাৰণ সদস্য উমা পাঠৰী,মাজুলী জিলা এম এম কেৰ উপ সভাপতি বিমান পেগু,জিলা টি এম পি কে ৰ ক্ৰীড়া সম্পাদক ভাইটি কুলি,সাংস্কৃতিক সম্পাদক হেমন্ত মিলি,কৰতিপাৰ আঞ্চলিক টি এম পি কে ৰ সম্পাদক ৰবী দলে,এম এম কেৰ আঞ্চলিক সভাপতি জ্য় পেগু আৰু সম্পাদক প্ৰ্শান্ত পেগুৰ নেতৃত্বত অৰ্ধ শতাধিক সদস্যই শ্ৰমদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *