Friday , September 25 2020
শেহতীয়া খবৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভ উদ্ধোধন কৰিলে ককিলামুখ- কাৰ্তিক চাপৰিৰ ফেৰি সেৱা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৭ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ককিলামুখত উপস্থিত হৈ শুভ উদ্ধোধন কৰিলে কাৰ্তিক চাপৰিৰ ফেৰী সেৱা । উক্ত ফেৰী সেৱা উদ্ধোধন কৰি তেওঁ কয় যে এতিয়াৰ পৰা “এচ বি ধলা” নামৰ ফেৰিখনে যাতায়ত সুচল কৰিব কাৰ্তিক কৰ্তিক চাপৰিৰ ৰাইজৰ। উক্ত  উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি মূখ্যমন্ত্রী গৰাকীয়ে কয় যে- কাৰ্তিক চাপৰিৰ ৰাইজৰ বহু দিনীয়া এক আশা পুৰণ হ’ল ।
বিশেষকৈ যাদৱ পায়েঙৰ দৰে মহান ব্যক্তিৰ অঞ্চলত এনে সেৱা আগবঢ়াবলৈ পাই সঁচাই মই আনন্দিত হৈছোঁ । উল্লেখ্য যে আজিৰে পৰা এই ফেৰী সেৱা আনুষ্ঠানিকভাবে আৰাম্ভ হল বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰে । অভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু স্থানীয় ৰাইজৰ সহযোগত এই ফেৰী সেৱা চলাই যাব লাগিব বুলি উল্লেখ কৰে ।
মহাপুৰুষ মাধৱদেৱৰ তিথিৰ দিনাই এনে এক ভাল কাম কৰিবলৈ পাই সঁচাই তেওঁ আনন্দিত হোৱা বুলিও উল্লেখ কৰে । যিহেতু সাংবাদিক সকলেও বহু বাৰ বৈদ্যুতিক মাধ্যম আৰু বাতৰিকাকতৰ যোগেদি উপস্থাপন কৰি আহিছে, সেইহে সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰিছো বুলিও তেওঁ উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *