Home Editor's Pick মুখ্য সম্পাদকৰ একলম : ...

মুখ্য সম্পাদকৰ একলম : অসমৰ ভাষিক জাতীয়তাবাদৰ সংকটঅসমৰ ভাষিক জাতীয়তাবাদৰ সংকট

73
0

✍️ খবিৰ আহমেদ:

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলে অসমৰ জাতীয় জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত বহুকেইটা দিশৰ ওপৰত আলোকপাত কৰিছে। তাৰে মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে অসমৰ ভাষিক জাতীয়তাবাদৰ ভৱিষ্যৎ। স্বাধীনতাৰ পিছত ১৯৫৪ চনত ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ্গঠন হৈছিল। এই পুনৰ্গঠন হৈছিল ‘এক ৰাজ্য, এক ভাষা’ নীতি গ্ৰহণ কৰি। এই নীতি অনুসৰি এখন ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যি ভাষা-ভাষী মানুহৰ সংখ্যা বেছি আছিল, সেই ভাষাকেই ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। মন কৰিবলগীয়া কথা যে সংখ্যাধিক মানুহে কোৱা ভাষাটোক কেৱল ৰাজ্যিক ভাষা হিচাপেহে মানি লোৱা হৈছিল। ইয়াৰ অৰ্থ এনেকুৱা নাছিল যে এখন ৰাজ্যত যিবোৰ ভাষা কোৱা মানুহৰ সংখ্যা কম আছিল তেওঁলোকৰ সেই ৰাজ্যখনত কোনো অধিকাৰ নাথাকিব। সকলো ভাষা আৰু সকলো ধৰ্মৰ মানুহেই দেশৰ বা ৰাজ্যখনৰ নাগৰিক, কেৱল সংখ্যাধিক মানুহৰ ভাষাটোহে ৰাজ্যিক ভাষা। ১৯৫১ চনৰ লোকপিয়লৰ সময়ত অসমত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৩৬ শতাংশ। অসমীয়া ভাষা ৰাজ্যভাষা হোৱাৰ কাৰণে এই ৩৬ শতাংশ আছিল প্ৰধান অন্তৰায়। এই দুৰ্যোগৰ সময়ত সৌভাগ্যক্ৰমে অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল প্ৰায় এক নিযুত পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ।

১৯৫১ চনৰ লোকপিয়লত তেওঁলোকে মাতৃভাষা হিচাপে অসমীয়া লিখি দিলে আৰু তাৰ ফলস্বৰূপে অসমীয়া ভাষা-ভাষীৰ সংখ্যা ৩৬ শতাংশৰ পৰা ৬২ শতাংশলৈ বৃদ্ধি পালে। অসমীয়া ভাষা অসমৰ মাতৃভাষা হ’ল। ইয়াৰ আগেয়ে ব্ৰিটিছসকলে শাসন কৰা অসম নামৰ ভূখণ্ডত কেতিয়াও অসমীয়াভাষী লোকৰ সংখ্যাধিক্য নাছিল। ইয়াৰ পিছতে বিশ্বৰ আন আন ঠাইৰ লগতে অসমতো ভাষিক জাতীয়তাবাদে ঠন ধৰি উঠে। এইখিনিতে উল্লেখ কৰিব লাগিব যে আধুনিক বিশ্বত সকলো দেশতেই ধৰ্মীয় জাতীয়তাবাদক নস্যাৎ কৰি ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠিত হৈছে। উদাহৰণ স্বৰূপে ক’ব পাৰি যে স্বাধীনতাৰ পিছত ধৰ্মৰ ভিত্তিত পাকিস্তানত এখন ৰাষ্ট্ৰ গঠন হৈছিল। কিন্তু স্বাধীনতাৰ প্ৰায় পঁচিশ বছৰ পিছতেই সেই ৰাষ্ট্ৰ ভাগি চূৰমাৰ হৈ আকৌ ভাষাৰ ভিত্তিত নতুন ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম হয়। কিন্তু দুখৰ বিষয়, গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় যে অতি সম্প্ৰতি অসমত ভাষিক জাতীয়তাবাদৰ বিপদঘন্টা বাজি উঠিছে। বহুতো প্ৰত্যাহ্বান নেওচি এদেও-দুদেওকৈ অসমত অসমীয়া ভাষিক জাতীয়তাবাদে ঠন ধৰি উঠি আহি আছিল। অসমীয়া ভাষা-সংস্কৃতি উঠি বহিছিল, থিয় দিছিল। বিশ্ব জয় কৰিবলৈ মন মেলিছিল। ১৮৩৬ চনৰ কথা মানুহে পাহৰি গৈছিল। কিন্তু আমৰা বাঙালীৰ শেনচকু অসমৰ ভাষিক আৰু সাংস্কৃতিক জগতৰ পৰা আঁতৰি যোৱা নাছিল কেতিয়াও। যাৰ কাৰণে ‘চলো পাল্টাই’ৰ নিচিনা এক অশুভ আন্দোলনে অসমীয়া ভাষাপ্ৰেমীসকলক জগাই তুলিছিল মাজে মাজে। এনেবোৰ কাৰণতেই অসমৰ মানুহে ‘কা’ৰ বিৰোধিতা কৰিছিল। যোৱাবাৰ ৰাজ্যসভাত ‘কা’ গৃহীত হোৱাৰ পিছত অসমৰ মানুহে তুমুল আন্দোলন কৰিছিল। আন্দোলনকাৰীৰ চকুৰ আগতে পুলিচৰ গুলীত পাঁচজনকৈ পাহোৱাল ডেকাৰ মৃত্যু হ’ল। অসমীয়া মানুহে ভয় কৰিছিল যে ‘কা’ গৃহীত হোৱাৰ ফলত বাংলাদেশৰ পৰা অসমলৈ লাখ লাখ বঙালী হিন্দু মানুহৰ সোঁত ব’ব। আৰু এটা সময়ত অসমত বাংলা ভাষা-ভাষী মানুহৰ সংখ্যা বেছি হৈ গ’লে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহিব। কেৱল ‘কা’ই নহয়, ইয়াৰ লগত আছিল অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত যুগুত কৰা প্ৰতিবেদন। ন্যায়াধীশ বিপ্ল­ৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম আন্দোলনৰ ৬ নং দফাৰ ওপৰত যি প্ৰতিবেদন দাখিল কৰা হ’ল, সেই প্ৰতিবেদনো বিজেপি চৰকাৰে গাপ দি ৰাখিলে। এইবোৰ কাৰণতে ৰাজ্যৰ বিজেপি চৰকাৰৰ ওপৰত অসমীয়া মানুহৰ খং তুংগত আছিল।

 বহুতেই ভাবিছিল যে এইবাৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহে বিজেপি চৰকাৰক গাদীচ্যুত কৰিব। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছিল ৰাজ্যৰ বিজেপি চৰকাৰখনে। অসমৰ জাতীয়তাবাদী শিবিৰবোৰে প্ৰচণ্ড বিৰোধ কৰা সত্ত্বেও কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে অতিশয় দৃঢ়ভাৱে ‘কা’ৰ সপক্ষে থিয় দিছিল আৰু খোলাখুলিকৈ ঘোষণা কৰিছিল যে ২০২১ চনত ক্ষমতাত আহিব পাৰিলে অসম আৰু পশ্চিমবংগত ‘কা’ বলৱৎ কৰিবই। ক’বলৈ গ’লে ৰাজ্যৰ বিজেপি চৰকাৰে ‘কা’ বলৱৎ কৰা কথাটো একপ্ৰকাৰ প্ৰত্যাহবান ৰূপেই গ্ৰহণ কৰিছিল।

এনেদৰে অসমীয়া ভাষিক জাতীয়তাবাদবিৰোধী শিবিৰৰ বা চৰকাৰৰ লগত প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাৰ পিছতো এইবাৰ অসমৰ মানুহে আকৌ কিয় বিজেপি চৰকাৰক ভোট দি ক্ষমতাত অধিষ্ঠিত কৰিলেঞ্জ ইয়াৰনো কাৰণ কিঞ্জ ‘কা’বিৰোধী আন্দোলনত অসমীয়া মানুহৰ আন্তৰিকতা নাছিল নেকিঞ্জ আন্তৰিকতা আছিল, কিন্তু মনে-প্ৰাণে ‘কা’ আইনৰ বিৰোধিতা কৰা মানুহৰ সংখ্যা আছিল খুবেই কম। নিৰ্বাচনৰ ফলাফলেই তাৰ প্ৰমাণ। প্ৰকৃতপক্ষে ‘কা’ৰ বিৰোধিতা কৰি আন্দোলনকাৰীসকল ভাষিক জাতীয়তাৰ সপক্ষে আছিল। কিন্তু সেই আহ্বান আওকাণ কৰি অসমৰ বেছিসংখ্যক মানুহে ভাষিক জাতীয়তাবাদ নস্যাৎ কৰি ধৰ্মীয় জাতীয়তাবাদৰ সপক্ষে ভোট দিলে নেকিঞ্জ এনেকুৱা ধাৰণা বহু পৰিমাণেই সঁচা। এইবোৰ কথাৰ গুৰি কথা ৰৈ আছে অসম আন্দোলনৰ প্ৰথম ভাগত। এটা কথা কিন্তু সঁচা যে অসম আন্দোলনৰ প্ৰথমৰ পৰাই আন্দোলনকাৰীসকলৰ মাজত ধৰ্মীয় জাতীয়তাবাদৰ বীজ ৰোপণ হৈছিল। ১৯৮০ চনৰ পৃথিৱী কঁপোৱা নেলী হত্যাকাণ্ডত আৰএছএছ জড়িত আছিল। কিন্তু আন্দোলনৰ প্ৰথম দুই পক্ষ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদে তাৰ বিৰোধিতা কৰা নাছিল। সেই ছাত্ৰ সন্থাৰ নেতাবোৰ এটা সময়ত সক্ৰিয় ৰাজনীতিত আহি অসম গণ পৰিষদ হ’ল আৰু তাৰ পিছত বিজেপিত যোগ দিলে। বৰ্তমান বিজেপিৰ যিমানবোৰ মূধাফুটা নেতা তাৰ প্ৰায়বোৰেই ছাত্ৰ সন্থাৰ পৰা আহিছে।

এনেদৰে ইতিহাসেই প্ৰমাণ কৰে যে ছাত্ৰ সন্থাৰ বহু নেতাৰ ধৰ্মীয় দিশটোৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। হয়তো এতিয়াও আছে। ইয়াৰ বাহিৰেও, বহুবোৰ কাৰকে অসমৰ এক বৃহৎসংখ্যক মানুহক ভাষিক জাতীয়তাবাদৰ প্ৰতি উদাসীন কৰি তুলিলে। আৰু বিগত প্ৰায় চাৰিটা দশকত তেওঁলোক ক্ৰমে ক্ৰমে বংগীয় আৰু উত্তৰ ভাৰতীয় বিশ্বাস, জীৱনশৈলী, লোকাচাৰ আৰু আচাৰ- ব্যৱহাৰৰ প্ৰতি আকৃষ্ট হৈ পৰিল। এফালে বিগত প্ৰায় বহু বছৰ ধৰি আৰএছএছে অসমত চলাই থকা কে’বা হাজাৰ বিদ্যালয়ৰ প্ৰভাৱ আৰু আনফালে অসমৰ চুকে-কোণে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰাই অসমৰ ভাষিক জাতীয়তাবাদক একপ্ৰকাৰ কোঙা কৰি পেলাইছে। অসমৰ শিক্ষা-ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া মধ্যবিত্তৰ বেছিভাগেই অসমীয়া ভাষা আৰু অসমীয়া ভাষিক জাতীয়তাবাদৰ প্ৰতি পিঠি দিছে। অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে।

অসমৰ গাঁও-চহৰৰ চুকে-কোণে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ স্কুলবোৰেই তাৰ প্ৰমাণ। আনকি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহবোৰেও তেওঁলোকৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলবোৰত পঠাই আছে। অসমীয়া ভাষা- সংস্কৃতিৰ প্ৰতি এইবিলাক মানুহৰ কোনো দায়-দায়িত্ব নাই। আন কথাত ক’বলৈ গ’লে অসমীয়া মাধ্যমত লিখা-পঢ়া কৰোৱাই তেওঁলোকে ল’ৰা-ছোৱালীৰ কোনো ভাল ভৱিষ্যৎ দেখা নাপায়। কিছুমান কথা-বতৰাৰ পৰা, আনকি কিছুমান ৰাজনৈতিক নেতাৰ ৰাজহুৱা ভাষ্যৰ পৰাও বুজা যায় যে তেওঁলোকে ইতিমধ্যে ধৰ্মীয় জাতীয়তাবাদত অৱগাহন কৰিছে। সম্প্ৰতি বহুতো মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত অসমীয়া মানুহে এবাৰ যদি নিজক অসমীয়া বুলি ভাবে, তেনেহ’লে আন দহবাৰ নিজকে হিন্দু বুলি ভাবে। বহুতেই আজিকালি মুকলিকৈ কোৱা হৈছে যে তেওঁলোকক ভাষা নালাগে, তেওঁলোকক লাগে ধৰ্ম, অৰ্থাৎ হিন্দু ধৰ্ম।

কেতিয়াবা ৰাজ্যৰ বিয়াগোম নেতাকো কোৱা শুনা যায় যে বঙালী হিন্দুসকল নহ’লে পাঁচ মিনিটত অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব। এনেবোৰ মন্তব্যত ‘আমৰা বাঙালী’ আৰু ‘চলো পাল্টাই’ৰ নিচিনা সংগঠনবোৰক উৎসাহিত কৰা হয়। ‘কা’ৰ জৰিয়তে বাংলাদেশৰ পৰা বঙালী হিন্দুসকলক আনি কেনেকুৱা অসমীয়া জাতীয়তাবাদ কৰা হ’ব, সেই কথা কাৰোৰেই বুজিবৰ বাকী নাথাকে। ২০১৯ চনৰ পাৰ্লিয়ামেন্ট নিৰ্বাচনৰ সময়তেই প্ৰমাণ হৈছিল যে একাংশ অসমীয়া মধ্যবিত্ত মানুহৰ মাজত ‘কা’বিৰোধী প্ৰতিবাদ এতিয়া অপ্ৰাসংগিক। এইবাৰৰ বিধানসভা নিৰ্বাচনে সেই কথাক আৰু সজোৰে প্ৰতিষ্ঠাকৰিলে।

যি কি নহওক, বিগত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলে ইতিমধ্যে প্ৰমাণ কৰিলে যে আজি বহু বছৰ ধৰি ৰাজ্যত সক্ৰিয় হৈ থকা আৰএছএছ নামৰ সংগঠনটোৱে আৰু বৰ্তমানে ৰাজ্য শাসন কৰি থকা বিজেপি চৰকাৰ আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকলে বৃহৎসংখ্যক অসমীয়া মানুহক ধৰ্মীয় জাতীয়তাবাদৰ প্ৰতি আকৃষ্ট কৰিব পাৰিছে। এই কামটো তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱেই কৰিছে এটা সাম্প্ৰদায়িক নেৰেটিভ্‌ সৃষ্টি কৰি। সেই নেৰেটিভ্‌টো হৈছে মুছলমান-ভীতি। অসমৰ বৰ্ধিত মুছলমান জনসংখ্যা সঁচাকৈয়ে অসমীয়া জাতীয়তাবাদৰ প্ৰতি ভাবুকিনেঞ্জ সেই কথা অন্য এদিন। মুঠৰ ওপৰত, ১৮৩৬ৰ পিছত অসমৰ ভাষিক জাতীয়তাবাদ আকৌ এবাৰ অস্তিত্বৰ সংকটত।

[ লেখকৰ ফোন নম্বৰ: 9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here