Sunday , September 20 2020
শেহতীয়া খবৰ

মুৰফুলনীত বন্যহস্তীৰ তাণ্ডৱত ত্ৰাহি মধুসূধন গঞাৰঃনিশা হলেই  বাসগৃহ ভাঙি তহিলং বন্যহস্তীয়ে

গণ বাৰ্তা, নুমলীগড়, ২৪ জুলাইঃ এফালে সমগ্র ৰাজ্যত কৰনাৰ গ্ৰাস আনফালে বন্য হস্তীৰ সন্ত্ৰাস । নুমলীগড়ৰ কাষৰীয়া মুৰফুলনীত বনৰীয়া হাতীৰ সন্ত্ৰাসত ত্ৰাহি মধুসূধন গঞাৰ  ।ঘৰ দুৱাৰ ভাঙি অনিষ্ট সাধন কৰিছে হাতীয়ে।এফালে কৰুণা ৰ আতংক।আনফালে বনৰীয়া হাতীয়ে এফালৰ পৰা ভাঙিছে ঘৰ,নামঘৰ,ক্লাৱঘৰ ।নামবৰ আৰু বিজুলী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে আজি কেইবা দিনো ধৰি  নুমলীগড়ৰ মুৰফুলনীৰ কাষৰীয়া গাঁও সমুহত তাণ্ডৱ চলাইছে ।  বহু লোকৰ ঘৰদুৱাৰ ভাঙি অনিষ্ট সাধন কৰি আহিছে। বৃহস্পতি বাৰে নিশা ফলঙনী ৮৪০ব্লকৰ  কেইবাটাও বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে চাউল ডালি খাই তহিলং কৰে। কেইবাদিনো উক্ত অঞ্চলত সন্ত্ৰাস চলাই   সাৰ্বজনীন ফলঙনী নলাপৰ  নামঘৰৰ মনিকুট ভঙাৰ উপৰিও কেৰুমনি যুৱক সংঘৰ কাৰ্যালয় ভাঙি তহিলং কৰে।স্থানীয় ৰাইজে বনবিভাগৰ বিৰুদ্ধে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ আনিছে। লগতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *