Friday , September 25 2020
শেহতীয়া খবৰ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ

অসমত বিজেপিৰ গণসম্পৰ্ক বিচ্ছিন্ন হৈছে বাবেই পুনৰ কৰিবলগা গৈছে জনসম্পৰ্ক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুনঃ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। লকডাউনৰ মাজতে এনেদৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ঘটাই সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন শোধোৱা বিজেপিৰ বিৰুদ্ধে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে চৰকাৰবিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উক্ত ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ কয় যে অসমত বিজেপিৰ গণসম্পৰ্ক বিচ্ছিন্ন হৈছে। যাৰ বাবে এতিয়া তেওঁলোক পুনৰবাৰ জনসম্পৰ্ক কৰিবলৈ আগবাঢ়িছে। ২০২১ত সকলোৱে বিজেপিক প্ৰত্যুত্তৰ দিব বুলি ৰিপুন বৰাই আশা প্ৰকাশ কৰে। একেদৰে আন এক প্ৰসংগ উত্থাপন কৰি কয় যে লকডাউনে ৰাজ্যক জুৰুলা কৰিছে। তাৰ পিছতো কেৱল ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অন্যায়ভাৱে বিজেপি চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ঘটাইছে। কংগ্ৰেছ চৰকাৰৰ দিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আছিল ১০৮ ডলাৰ। বৰ্তমান ইয়াৰ মূল্য হৈছে ৪০ ডলাৰ। তাৰ পিছতো আজি পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধিহে পাইছে। দেশ চলাবলৈ অন্য উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহ কৰিব নোৱাৰা বিজেপিয়ে বৰ্তমানলৈ ১২বাৰকৈ কৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলত। ইপিনে আন এক প্ৰসংগ উত্থাপন কৰি কয় যে শাসকীয় দলৰ নেতা-কৰ্মীৰ বাবে নীতি-নিয়ম বেলেগ বেলেগ। বিজেপিৰ নেতা হ’লে বাহিৰৰ পৰা আহিলেও কোৱাৰেণ্টাইনত থাকিব নালাগে বুলি কটাক্ষ কৰে। আনহাতে ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে লকডাউনৰ ফলত জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে যি ৰামটাঙোন শোধাইছে সিয়ে আজি প্ৰমাণ কৰিছে যে মোদী দুখীয়া-দৰিদ্ৰৰ বন্বুূ নহয়, ধনীৰহে বন্বুূ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে বিজেপি। আজিৰ ধৰ্মঘট কাৰ্যসূচীত বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদকে ধৰি বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *