শেহতীয়া খবৰ

মূল্য বৃদ্ধিৰ  প্ৰতিবাদত,  যোৰহাটৰ ৰাজপথত  কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ 

নেকিব আহমেদ ,যোৰহাট,২৯ জুন — পেট্ৰল- ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ   মূল্য বৃদ্ধিৰ বিৰুদ্ধে   যোৰহাটৰ ৰাজপথত কংগ্ৰেছ কৰ্মীৰ তীব্র প্ৰতিবাদ। মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সদস্যসকলে । এই সন্দৰ্ভত দৈনিক গণ অধিকাৰৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ,তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কয় যে বৰ্তমানে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য এক বেৰেলত মাত্ৰ ৪০ টকা ,  কিন্তু পেট্ৰল আৰু ডিজেলৰ দাম ৮০ টকাতকৈ অধিক। কিন্তু ২০১৪ চনৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত সেই সময়ত আন্তৰাষ্ট্ৰীয় বজাৰত এক বেৰেল খাৰুৱা তেলৰ দাম হৈছিল ১০৭ টকা হৈছিল যদিও পেট্ৰল – ডিজেলৰ দাম ৭১ টকাৰ ওপৰলৈ যোৱা নাছিল। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম নিম্নগামী হোৱাৰ পাছতো তেলৰ দাম কিয় নাই কমা ? এতিয়া সকলো বস্তুৰ দাম বৃদ্ধি হৈছে । ভাৰত বৰ্ষ স্বাধীনতা লাভ কৰাৰ পাছত এই খনেই প্ৰথম চৰকাৰ ,যি চৰকাৰৰ দিনত পেট্ৰল – ডিজেলৰ দাম ৮০ টকাত কৈ অধিক । বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কি আছিল। তেওঁলোকে সেই সময়ত ইন্ধনজাত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ দাম কমাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাল কাম কৰি পৰিৱৰ্তন কৰিম বুলি কৈছিল কিন্তু এতিয়া কি কৰিছে বুলি প্ৰশ্ন কৰে । কংগ্ৰেছ চৰকাৰৰ দিনত আনন্দৰাম বৰুৱা বঁটাৰ নামত  মেট্ৰিকত প্ৰথম বিভাগত পাছ কৰা ছাত্ৰ -ছাত্ৰীক লেপটপ ,দ্বিতীয় বিভাগত পাছ কৰা সকলক টেবলেট দিছিলোঁ । আমি সকলোৱে ভাবিছিলোঁ যে পৰিৱৰ্তনৰ নামত  হয়তো তৃতীয় বিভাগত পাছ কৰা ছাত্ৰ – ছাত্ৰী সকলোকো দিব ।  কিন্তু দুৰ্ভাগ্যৰ বিষয় এতিয়া প্ৰথম বিভাগত পাছ কৰা সকলকো এই বঁটা দিয়াৰ পৰা বঞ্চিত কৰিলে । কেৱল ৭৫% পোৱা ছাত্ৰ -ছাত্ৰী সকলকহে এই বঁটা দিছে । এই চৰকাৰে পৰিৱৰ্তনৰ নামত দুখীয়া ৰাইজৰ মূৰত মাধমাৰ মাৰিলে , সকলো শেষ কৰিলে বুলি কয় । এইখন এখন ভুৱা চৰকাৰ ,প্ৰতিশ্ৰুতি দিয়া চৰকাৰ কেৱল মাত্ৰ বিজ্ঞাপন দি চলাই থকা এখন চৰকাৰ হয় । এই খন চৰকাৰ ৰাইজৰ মাজৰ পৰা যেতিয়ালৈকে নাযাব ,তেতিয়ালৈকে ৰাইজ শান্তিত থাকিব নোৱাৰিব । যিহেতু বিগত চাৰিটা বছৰে অসমৰ ৰাইজে শান্তিত থাকিব পৰা নাই । ইটোৰ পাছত সিটো আন্দোলন । প্ৰথমে টকা সলনি কৰিলে , তাৰ পাছত অসমৰ সীমান্তত সীমাক লৈ আন্দোলন  “কেব, ‘কা, জি এছ টি আৰু এতিয়া  কোৰোনাক লৈ চৰকাৰে কিছু ভুল নীতিৰে  আন এক সমস্যা সৃষ্টি কৰিছে । এই সমূহ সমস্যাৰ বাবে ৰাইজে আন্দোলন মুখী হবলৈ বাধ্য হৈছে । এতিয়া ৰাইজক পেটে মাৰিছে । লকডাউন হে দিছে সামগ্ৰী পয্যাপ্ত পৰিমাণে যোগান ধৰিব পৰা নাই এই চৰকাৰে । ইন্ধন জাত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰা পয্যন্ত কংগ্ৰেছ দলে ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰি যাব বুলি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে উল্লেখ কৰে ।  মূল্য বৃদ্ধিকে আদি কৰি  বিভিন্ন কাৰণত ৰাইজ ধ্বংসমুখী হৈছে  ।   উল্লেখযোগ্য এই মুল্যবৃদ্ধিৰ  প্ৰতিবাদত যোৰহাটৰ উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী  ৰূপায়ন কৰে । আৰু এই সন্দৰ্ভত জিলা উপায়ুক্তৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ  এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।  মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে প্ৰতিবাদীসকলে  চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে । প্ৰায় দুই শতাধিক  কংগ্ৰেছ কৰ্মীয়ে  যোৰহাটৰ ৰাজপথ কঁপাই তোলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *