শেহতীয়া খবৰ

মৰঙিত বৃটিছ আমোলৰ হিলৈ উদ্ধাৰ

দৈনিক গনঅধিকাৰ, নুমলীগড়ঃ গোলাঘাট জিলাৰ মৰঙিৰ ৩ নং কৈবৰ্ত গাৱঁত  ছটা প্ৰাচীন গোলা উদ্ধাৰ হৈছে। বিদ্যত সমাজে এই গোলা কেইটা দ্বিতীয় বিশ্বযুদ্ধত অব্যৱহৃত বৃটিছ আমোলৰ গোলা হব পাৰে বুলি অনুমান কৰা হৈছে। স্থানীয় লোকৰ ভাষ্যমতে সেই ঠাইত দ্বিতীয় বিশ্বযুদ্ধৰ মিলিটেৰী শিবিৰ আছিল এই বৃহৎ এলেকাত ৷ এতিয়া জংঘলে আবৰি ৰখা এই বৃহৎ এলেকাত এজন লোকে বনৰীয়া আলু খান্দোতে উদ্ধাৰ হয় গোলা কেইটা । উদ্ধাৰ হোৱা গোলা কেইটা ওজন প্ৰায় ১২ ৰ পৰা ১৫ কেজিমানকৈ হব ৷
স্থানীয় ৰাইজে নুমলীগড় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গোলা কেইটা উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে ৷ ভাৰত চৰকাৰৰ পুৰাতাত্বিক বিভাগে মৰঙিৰ বিভিন্ন প্ৰান্তত খনন কাৰ্য্য চলালে অনেক প্ৰাচীন সম্পদৰ সম্ভেদ পোৱা সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *