Wednesday , September 23 2020
শেহতীয়া খবৰ

মৰঙীত অৰ্ধশতাধিকতৰ যোগদান বিজেপিঃ এইবাৰ বিজেপি দখলত সৰুপথাৰ সমষ্টিঃ বিশ্বজিৎ ফুকন

গণবার্তা , নুমলীগড়, ২০ আগষ্টঃ মহামাৰী কৰ’না বিভীষিকাৰ মাজতেই ২১ চনৰ অসমৰ বিধান সভা নিৰ্বাচন সমাগত।এই উদেশ্য লৈ বিভিন্ন ৰাজনৈতিক দল সমুহে নিজ নিজ ৰণ কৌশল প্ৰস্তুত কৰিছে।বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ইতিমধ্যে পৰোক্ষ ভাৱে আৰম্ভ কৰিছে নিজ নিজ নিৰ্বাচনী প্ৰচাৰ। ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টি উজনি অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি।এই সৰুপথাৰ সমষ্টিটো ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পৰোক্ষ ভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।এই সৰুপথাৰ সমষ্টি ত শাসকীয় দলকে ধৰি বিভিন্ন ৰাজনৈতিদলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ৰাইজৰ মাজত বিভিন্ন সভা সমিতি পাতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও কিন্তু এইক্ষেত্ৰত ৰাইজৰ আদৰ্শ হৈ পৰিছে এগৰাকী নেতা।সমষ্টিটোৰ জনপ্ৰিয় সমাজৰ্কমী , গোলাঘাট জিলাৰ উপ-সভাপতি তথা সৰুপথাৰ বিধানসভা সমষ্টি বিজেপি দলৰ শীৰ্ষ নেতা বিশ্বজিৎ ফুকনে সম্প্ৰতি সমষ্টিটোৰ নিৰ্বাচনী জোৱাৰৰ সোঁ‌ত তেওঁ ৰ দিশে বোৱাব পৰাকৈ ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে জনপ্ৰিয় নেতা গৰাকী।দলীয় কাম কাজৰ উপৰিও সমষ্টিটোৰ প্ৰায়বোৰ সামাজিক কাম কাজৰ লগত ৰ্দীঘদিন ধৰি জৰিত হৈ অহা নেতা গৰাকী যুৱচামৰ মাজত বেছ জনপ্ৰিয়। বিজেপি দলৰ শীৰ্ষ নেতা গৰাকীৰ নেতৃত্বতে আজি মৰঙী মৌজাৰ কানাইঘাটত অনুষ্টিত এক সভাত ৫০ জনৰো অধিক ব্যক্তি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।অন্যহাতেদি কালি সৰুপথাৰত অনুষ্টিত হোৱা আন এখন সভাত সৰুপথাৰৰ এখন গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ ৫ নং দলৰ ৱাৰ্ড সদস্যা অল্পনা শইকিয়া আৰু ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মনালিছা তিঁয়হ লগতে কেইবাজনো লোক বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি জানিব পৰা গৈছে।গোলাঘাট জিলা বিজেপি ৰ উপসভাপতি বিশ্ব্জিৎ ফুকনে এইবাৰ সৰুপথাৰ সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰি অসমত অকৌ বিজেপি চৰকাৰ হব বুলি প্ৰকাশ কৰে।সমষ্টিৰ ৰাইজৰ হৈ সঘনাই মাত মাতি অহা তথা সামাজিক স্বাৰ্থত সদায় জৰিত হৈ থকা সমাজকৰ্মী বিশ্ব্জিৎ ফুকন বৰ্তমান সময়ত সৰুপথাৰ সমষ্টিৰ ৰাইজৰ প্ৰৱলদাবীদাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *