Friday , September 25 2020
শেহতীয়া খবৰ

মৰাণত মুখ্যমন্ত্ৰী সোনোৱাল আৰু মন্ত্ৰী যোগেন মহনক সাক্ষী কৰি ৰাইজে আৰম্ভ কৰিলে ন-ভুঁই অনুষ্ঠান

গণ বাৰ্তা, মৰাণ, ২১ জুলাইঃ মৰাণত মুখ্যমন্ত্ৰী সোনোৱাল আৰু গড়কাপ্তানী (ৰাজ্যিক) মন্ত্ৰী  যোগেন মহনক সাক্ষী কৰি ৰাইজে আৰম্ভ কৰিলে ন-ভুঁই অনুষ্ঠান। প্ৰকৃততে এইয়া খেতিপথাৰত নহয়, মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত জৰাৰ্জীণ পথক লৈ ৰাইজে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ প্ৰতীকি ৰূপ আঁৰি পথত গঞাই ৰোপন কৰিলে ন-ভূঁই। দুয়োজন মন্ত্ৰীয়ে শীঘ্ৰেই সু-দৃষ্টিয়ে চাবলৈ প্ৰতীকি ৰূপ আঁৰি আগলি কলপাতত ৰাইজে তামোল-পাণৰ শৰাই আগবঢ়াই পথত ন-ভূঁই কঠিয়া ৰোপণ কৰিলে। চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ অন্তৰ্গত এইসকল ক্ষুব্ধ ২০০টাকৈ অধিক পৰিয়ালে বসবাস কৰা ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । শীঘ্ৰেই এই মূল পথ দুটা নিৰ্মাণ নকৰিলে কোনো কাৰণেত জনপ্ৰতিনিধি প্ৰৱেশ কৰিব দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে। বহু বছৰ ধৰি মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ প্ৰায় ২০০টাকৈ অধিক  পৰিয়ালে ঘন জনবসতি কৰা নাৰায়ণপুৰ গাঁৱৰ নাৰায়ণপুৰ চাৰিআলিৰ পৰা ১নং গেট সংযোগী আৰু দিৰৈবাম নাৰায়াণপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা কেঁঞাপথাৰ সংযোগী পথ দুটা দীৰ্ঘদিন ধৰি জনসাধাৰণে দুৰ্ভোগ ভূগি আহিছে। পথৰ দুটাৰ এনে দুৰৱস্থাৰ বাবে কোনো ৰোগী, বয়োজ্যেষ্ঠ ব্যক্তি তথা প্ৰসূতি মহিলা অহা যোৱা কৰিব নোৱাৰা হৈছে। যাৰ বাবে আজি এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণে আগন্তুক বিধান সভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *