Thursday , August 13 2020
শেহতীয়া খবৰ

মৰাণৰ নাহৰনি নপথাৰত পল’, জুলুকি মাৰি ভূই ৰুই অভিনৱ প্ৰতিবাদ

গণ বাৰ্তা, মৰাণ, ৯ জুলাইঃ মৰাণৰ নাহৰনি গাঁও পঞ্চায়তত পথ, কালভাৰ্ট নিৰ্মাণত দূৰ্নীতিৰ বাবেই বানত যোগাযোগ বিছিন্ন হ’ল এখন গাঁও । আছু আৰু স্থানীয় ৰাইজে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে চৰকাৰৰ বিৰুদ্ধে । ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং নপথাৰ গাঁৱত নতুনকৈ নিৰ্মাণ কৰা পথ আৰু কালভাৰ্টো বাঢ়নী পানীয়ে খহাই পেলাই ৷ নাহৰণি গাঁও পঞ্চায়তৰ অধীনত নিৰ্মাণ কৰা এই পথ আৰু কালভাৰ্ট নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ ফলত বছৰৰ প্ৰথমটো বানত উটি যায় কালভাৰ্টতো ৷ একেদৰে ডিমৌ নৈৰ বাঢ়নী পানীয়ে পথটোৰ বিভিন্ন অংশ খহাই পেলায় ৷৷ ফলত গাঁৱৰ ৰাইজে এতিয়া যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্যোগৰ সমূখীন হৈছে ৷ কিন্তু ৰাইজৰ এই সমস্যাৰ প্ৰতি জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ পথ আৰু কালভাৰ্টতো শীঘ্ৰে নিৰ্মাণৰ লগতে দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত এনেদৰে পল’, জুলুকি মাৰি ভূই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ।

Leave a Reply

Your email address will not be published. Required fields are marked *