শেহতীয়া খবৰ

মৰিয়নীত আটাছুৱে  সামাজিক মাধ্যমৰে দিহিং-পাটকাই বৰ্ষা অৰণ্য ৰক্ষাৰ দাবী

দৈনিক গণঅধিকাৰ, নকছাৰিঃ জৈৱ-বৈচিত্ৰৰ প্ৰচুৰ সমাহাৰ ১১৯.৯ বৰ্গ কি.মি. ঠাইৰ অভয়াৰণ্যখনে ডিব্ৰুগড় আৰু  তিনিচুকীয়া জিলা দুখনক সামৰি লৈছে। এই অভয়াৰণ্যখন বৰ্তমানলৈকে ৪৫ গোত্ৰৰ ১০১ বিধ অৰ্কিডৰ প্ৰজাতি আৰু ৪২ বিধ স্তন্যপায়ী, ৪০ বিধ সৰীসৃপ, ৩০ বিধ পখিলাৰ প্ৰজাতি, ২৯৩ বিধ চৰাইৰ প্ৰজাতি ইত্যাদি বিভিন্ন জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ হৈ আছে। উল্লেখযোগ্য যে এই বৰ্ষাৰণ্যখনে অসমৰ জলবায়ুৰ ওপৰতো যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাই আহিছে।
২০০৪ চনত অভয়াৰণ্যৰূপে স্বীকৃতি পোৱা এই অৰণ্যখনে হস্তী সংৰক্ষণ এলেকা হিচাপেও স্বীকৃত। তেনে অৱস্থাত কয়লাখনন আদিৰ দৰে কাৰ্যই ইয়াৰ জৈৱিক বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব, সেইতো ধুৰূপ। তেনেক্ষেত্ৰত প্ৰকৃতিৰ এক বৃহৎ ক্ষতি কৰি সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত কয়লা খনন কৰাৰ অনুমতি দিয়াতো অসংবিধানিক তথা বিবেচনাহীন কাৰ্য। উল্লেখ্য যে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে এই অনুমোদন জনোৱাৰ আগতে ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ অনুমোদন আৱশ্যক হয়।
তেনেক্ষেত্ৰত বৰ্তমানৰ ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ সদস্যসকলে য’ত বিশিষ্ট প্ৰকৃতিবিদ সকলকে আদি কৰি কেইবাটাও প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত থকা সংগঠনসমূহো সদস্য হৈ আছে আৰু এই অনুমোদনৰ বাবে প্ৰতিজন সদস্যৰ সন্মতিৰ প্ৰয়োজন। গুৰত্বপূৰ্ণ কথাতো হ’ল, সেই সদস্যসকলে কিয় এই কাৰ্যৰ বিৰোধিতা কৰা নাই, তাক লৈ আচৰিত হৈছে। গতিকে সদৌ তাই আহোম ছাত্ৰ সন্থা, মৰিয়নী আঞ্চলিক সমিতিয়ে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাই যে কোনো কাৰণতে যাতে দিহিং পাটকাইৰ দৰে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বনাঞ্চলত কয়লা খননৰ অনুমতি চৰকাৰে নিদিয়ে, সেইয়া নিশ্চিত কৰিব লাগে বুলি৷

Leave a Reply

Your email address will not be published. Required fields are marked *