Monday , September 21 2020
শেহতীয়া খবৰ

মৰিয়নীত বহিঃৰাজ্যৰ পৰা প্ৰশাসনক অৱগত নকৰাকৈ গোপনে ট্ৰাক যোগে আহিছে দৈনিক বহু লোক

গণ বাৰ্তা নকছাৰি ১ জুলাই:* যি সময়ত মৰিয়নীত একেদিনেই তিনিগৰাকী কোৰোনা ৰোগী চিনাক্ত হৈছে তেনে সময়ত নগালেণ্ডৰ পৰা  গোপনে ট্ৰাক যোগে মৰিয়নীলৈ আহি আছে বহু লোক৷ কিন্তু এই সময়ত যদি নগালেণ্ডলৈ কোনো লোক  অসমৰ লোক যাব লগা হয় তেন্তে নগালেণ্ড প্ৰশাসনৰ পৰা ল’ব লগা হয় বিশেষ অনুমতি,কিন্তু একে সময়ত নগালেণ্ডৰ পৰা অসমৰ আৰক্ষী,প্ৰশাসনক অৱগত নকৰাকৈ গোপনে আহি আছে বহু লোক৷ বৰ্তমান নগালেণ্ডত  এটাৰ পাছত আন এটা কোৰোনা ৰোগী চিনাক্ত হৈছে তাৰ বাবে নগালেণ্ডৰ পৰা অসমলৈ অহা প্ৰতিজন লোকৰ ওপৰত অসমৰ প্ৰশাসনে বিশেষ নজৰ ৰাখিছে, ঠিক তেনে সময়ত একাংশ লোকে কৰিছে চৰকাৰী নিৰ্দেশনাক ভেঙুচালি ৷ লক্ষ্যনীয় কথাটো হ’ল মৰিয়নীত মঙলবাৰে চিনাক্ত হোৱা কোৰোনা ৰোগীৰ প্ৰতিজন লোক আহিছিল ই ৰিস্কা যোগে,যদিও বৰ্তমান সময় লোকে এখন ই ৰিস্কা আৰু চালক কোন আছিল এতিয়াও চিনাক্ত হোৱা নাই৷ আজিও গোপনে নগালেণ্ডৰ পৰা অহা এই লোক সকলক ই ৰিস্কাই লৈ যাবলৈ লৈছিল,যাক লৈ সম্প্ৰতি মৰিয়নীত  চাঞ্চল্য সৃষ্টি হৈছে ৷ এই  ই ৰিস্কাৰ ওপৰত অতি শীঘ্ৰে নিয়ন্ত্ৰণ লগাবলৈ দাবী মৰিয়নী বাসীৰ,নহলে যিকোনো সময়ত এই ই ৰিস্কা ই বিপদ নমায় আনিব আশংকা কৰিছে মৰিয়নী বাসীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *