Wednesday , September 23 2020
শেহতীয়া খবৰ

মৰিয়নীৰ চৈকতা চাহ বাগিছাত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি।

গণ বাৰ্তা নকছাৰি ১৯ আগষ্ট :  চৈকতা চাহ বাগিছাৰ কলঘৰত কৰ্মৰত হৈ থকা এগৰাকী যুৱক চাহ পাত কঢ়িওৱা গাড়ীৰ খুন্দাত থিতাতে মৃত্যু হয় সঞ্জীৱ তাছা নামৰ এজন শ্ৰমিকৰ ৷মৰিয়নীৰ চৈকতা চাহ বাগিছাত এটা দুৰ্ঘটনাক কেন্দ্ৰ  কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।অসম চাহ কোম্পানী নিগম লিমিটেডৰ অধীনৰ চৈকতা চাহ বাগিছাৰ ফেক্টৰীলৈ তিতাবৰ ৰঙামাটি চাহ বাগিচাৰ পৰা চাহ পাত কঢ়িয়াই অনা এ এছ ০১ জি চি ৭৮০২ নম্বৰৰ ৪০৭ ট্ৰাক খন পিছলৈ অনা অৱস্থাত বাগিছা খনত কৰ্মৰত শ্ৰমিক সঞ্জীৱ তাচাক খুন্দা মৰাত গুৰুত্বভাৱে আহত হয় শ্ৰমিক জন। কিন্ত গুৰুত্বভাৱে আহত শ্ৰমিকজনক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যুক আকোঁৱালী লয়। আনহাতে শ্ৰমিকসকলে বাগিছা চিকিৎসালয়ত চিকিৎসক তথা এম্বুলেন্স নথকাৰ ফলতে শ্ৰমিকজনে মৃত্যুক আকোঁৱালী লব লগা হোৱাৰ অভিযোগ তুলি বাগিছাৰ পৰিচালকক কাৰ্যালয়ৰ ভিতৰতে আবদ্ধ কৰি কেইবাশ শ্ৰমিকে এক উত্তপ্ত   পৰিবেশৰ সৃষ্টি কৰে।আনহাতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক জনকো প্ৰহাৰ কৰিবলৈ উদ্যত হয় একাংশ উত্তেজিত শ্ৰমিক। পিছত বাগিছা খনত মৰিয়নীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে। আনহাতে নিহত শ্ৰমিক জনৰ পৰিয়ালক বাগিছাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা উপযুক্ত ক্ষতিপুৰন দিয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে শ্ৰমিক সকলে। নিহত শ্ৰমিকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *