Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটত তিনি ঠেলা চালকসহ  ৮ জন ভ্ৰমণ বিতান্ত নথকা ব্যক্তিৰ দেহত কোভিড পজিটিভ

মাৰোৱাৰী পট্টী আৰু শুৱনিগাঁৱত কণ্টেইনমেণ্ট জ’ন ঘোষণা

গণ বাৰ্তাযগণ বাৰ্তা বিশেষ, যোৰহাট, ২৮ জুন ঃ যোৰহাটত কোৰোনাৰ আতংকই তীব্ৰ ৰূপ ধাৰণ কৰিছে ।  জিলাখনত বৰ্তমান একপ্ৰকাৰে সামাজিক  সংক্ৰমণ আৰম্ভ হৈছে। ভ্ৰমণ-বৃত্তান্ত নথকা যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুজন ব্যক্তিৰ দেহত ক’ভিড পজিটিভ পোৱাৰ পিছত আজি পুনৰ ৮ জন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ।  আজি পুৱা যোৰহাট ট্ৰাক ষ্টেণ্ডৰ সমীপত কাম কৰা  ৩জন ঠেলাৱালা শ্ৰমিকৰ দেহত ক’ভিড পজিটিভ পোৱাৰ পিছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইয়াৰ পিছতে বিয়লি পুনৰ ৫জন ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে । যোৰহাট চহৰৰ মাজৰ ‘এভাৰ বেক’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী শংকৰ প্ৰসাদ কালোৱাৰৰ লগতে পৰিয়ালৰ চাৰিজন সদস্য আৰু কাৰ্বি আংলঙৰ পৰা ৰঙৰ কাম কৰিবলৈ অহা ৰঞ্জিত চৌহান নামৰ মিস্ত্ৰীজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। ইতিমধ্যে ব্যৱসায়ীজনৰ বৰপুলস্থিত মচলা ফেক্টৰী চিগমা স্পাইচৰ বিল্ডিংটোৰ  লগতে তৰাজানস্থিত  ইলাইট গেছ এজেন্সীৰ সমীপৰ তেওঁৰ বাসগৃহ কন্টেইনমেন্ট বিল্ডিং হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। আনহাতে কোনো ভ্ৰমণ-বৃত্তান্ত নথকা নগৰৰ মাৰোৱাৰীপট্টিত সামগ্ৰী উঠোৱা-নমোৱা কামত জড়িত তিনিজন শ্ৰমিকৰ দেহত কোৰোনা পজিটিভ ধৰা পৰাত একপ্ৰকাৰ হাহাকাৰ লাগিছে চহৰখনত।  চতু, ৰামদয়াল আৰু সুৰজ নামৰ  শ্ৰমিককেইজন ভোগদৈ পাৰৰ শুৱনিগাঁৱত ভাৰাঘৰত থাকে। কেইদিনমান পূৰ্বে মাৰোৱাৰীপট্টিত স্বাস্থ্য বিভাগে প্ৰায় শতাধিক লোকৰ  ৰেণ্ডম টেষ্ট কৰিছিল আৰু আজি এই ফলাফল আহে। উল্লেখনীয়ভাৱে তিনিওজন শ্ৰমিকে নিয়মিতভাৱে ট্ৰাক ষ্টেণ্ডৰ পাইকাৰী দোকানৰ পৰা বিভিন্ন সামগ্ৰী আন দোকানসমূহলৈ উঠোৱা-নমোৱা কৰি আছিল । এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত । ইতিমধ্যে জিলা প্ৰশাসনে শুৱনি গাঁও আৰু মাৰোৱাৰীপট্টিৰ পৰা চেম্বাৰ ৰোডলৈ দুটা স্থান কন্টেইনমেন্ট জ’ন ঘোষণা  কৰিছে।  উল্লেখযোগ্য যে আজি যোৰহাটত বাতৰি লিখা পৰলৈকে ১৭ জনৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে আৰু ইয়াৰে ৮ জন ব্যক্তিৰে কোনো ভ্ৰমণ-বৃত্তান্ত নাই । পজিটিভ সকলো ব্যক্তিকে ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছে । জিলাখনত ইটোৰ পিছত সিটো ভ্ৰমণ-বৃত্তান্ত নথকা পজিটিভ ঘটনা পোহৰলৈ অহাৰ পিছতে যোৰহাট জিলা প্ৰশাসনক ক’ভিডৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা হিচাপে লকডাউন ঘোষণা কৰিবলৈ আহ্বান জনাইছে একাংশ সচেতন ৰাইজে। উল্লেখনীয়ভাৱে যোৰহাটৰ ট্ৰাক ষ্টেণ্ড অঞ্চলত অতি অবিবেচকভাৱে অধিকাংশ ব্যৱসায়ীয়ে সামাজিক দূৰত্ব শূন্য কৰা আৰু মাস্কৰ ব্যৱহাৰ নকৰা দৃশ্য অতি সুলভ হৈ পৰিছিল। ইয়াৰোপৰি বিভিন্ন সময়ত ট্ৰাক ষ্টেণ্ডত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যাৰ বাবে বৰ্তমান চহৰখনত সামাজিক সংক্ৰমণৰ শংকা  অধিক বৃদ্ধি  পাইছে। ইফালে জিলা প্ৰশাসনে পজিটিভ ব্যক্তিকেইজনৰ সংস্পৰ্শলৈ অহা ব্যক্তি চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আনহাতে অলপতে নগৰৰ সোণাৰি গাঁৱৰ লক্ষ্যজিত বৰদলৈৰ লগতে তেওঁৰ পিতৃ-মাতৃৰ ৰিপ’ৰ্ট নিগেটিভ অহাত জে এম চিৰ পৰা ৰিলিজ দিয়া হৈছে আৰু সোণাৰি গাঁৱৰ এক নং বাইলেনৰ সকলো লোকৰ ছেম্পুল নিগেটিভ অহাত সেই অঞ্চল কন্টেইনমেন্ট জ’নটো ইতিমধ্যে বাতিল কৰিছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *