Friday , September 25 2020
শেহতীয়া খবৰ

Video | যোৰহাটত আৰম্ভ  আনলক ১, প্ৰক্ৰিয়া: যান বাহন চলাচলত কঠোৰ প্ৰশাসন

Assam's Jorhat Town Unlock-I

যোৰহাটত আৰম্ভ হল আনলক -১ প্ৰক্ৰিয়া । আজি প্ৰথম দিনটোত কি হল চাওক । #JorhatUnlock-I Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Thursday, 23 July 2020

 

গণবাৰ্তা বিশেষ, যোৰহাট ২৩ জুলাই : কভিডৰ সামাজিক সংক্ৰমনৰ ফলত গুৱাহাটী মহানগৰীৰ পিছতে হটস্পট হৈ পৰা যোৰহাট জিলাত আজিৰ পৰা আৰম্ভ হৈছে আনলক ১ প্ৰক্ৰিয়া । জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া নীতি নিয়মৰ মাজেৰে আজিৰ পৰা চহৰ খনৰ দোকান পোহাৰ ব্যৱসায় প্ৰতিস্থান সমূহ খোলা  হৈছে । আজিৰ পৰা চহৰ খনৰ এটা অংশ বন্ধ থকাৰ বিপৰীতে খোলা থাকিব আন অংশটো । উক্ত নিয়ম অনুসৰিয়ে আজি চহৰ খনৰ এটা অংশ সম্পূৰ্ণ খোলা পৰিলক্ষিত হয় । অৱশ্যে এই ক্ষেত্ৰত ব্যৱসায় প্ৰতিস্থান সমূহেও সামাজিক দূৰত্ব আৰু মাক্স পৰিধানৰ দিশটো অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে । ইফালে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি যানবাহনৰ চলাচলৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিছে জিলা প্ৰশাসনে ।  টেম্প’ মেজিক আদি বাহন সমূহ চলাচল কৰিব পাৰিব যদিও কোণো ব্যক্তিগত বাহন আজিৰ পৰা চলাচল কৰিব নোৱাৰিব । এই ক্ষেত্ৰত অৱশ্যে কিছু শিথিলতা প্ৰদান কৰিছে ব্যৱসায়ী সকলৰ লগতে ব্যৱসায় প্ৰতিষ্ঠান  লগত জড়িত ব্যক্তি সকলৰ ক্ষেত্ৰত । ব্যৱসায় প্ৰতিষ্ঠান  বা দোকান আদিৰ অনুজ্ঞাপত্ৰ আৰু ব্যৱসায় প্ৰতিস্থানৰ কৰ্মচাৰীৰ পৰিচয় পত্ৰ থাকিলে তেওলোকে ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব পাৰিব । এই ক্ষেত্ৰত দুচকীয়া বাহনত এজন আৰু চাৰিচকীয়া বাহনত সৰ্বাধিক দুজন ব্যক্তি যাব পাৰিব| আনহাতে লকডাউন ব্যৱস্থা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱা পিছতে যোৰহাট চহৰত একাংশ লোকক অপ্ৰয়োজনীয় ভাৱে ঘৰৰ পৰা ওলাই যোৱা পৰিলক্ষিত হয় ।অৱশ্যে এনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে যোৰহাট জিলা আৰক্ষী প্ৰশাসনে । পৰৱৰ্তী দিন সমূহত যানবাহন চলাচলৰ ক্ষেত্ৰত আৰক্ষীৰ যান বাহন শাখা অধিক কঠোৰ হৈ পৰিব বুলিও স্পষ্ট কৰি দিছে যান বাহন শাখাৰ আৰক্ষী বিষয়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *