Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটত  ক’ভিড-১৯ সংক্রান্তীয় পর্যালোচনা সভা             

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট,জুলাই ২৫ :  যোৰহাট জিলা উপায়ুক্ত কার্যালয়ৰ  সভাকক্ষত আজি জিলা উপায়ুক্তৰ সভাপতিত্বত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচাৰ উপস্থিতিত জিলাখনৰ বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তি, ব্যবসায়ীসকলৰ সৈতে  ক’ভিড-১৯ সংক্রান্তীয় এখন পর্যালােচনা সভা অনুষ্ঠিত হয়। যোৰহাট  গুৱাহাটীৰ দৰেই  ক’ভিড-১৯ত আক্রান্ত ৰোগীৰ  সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । এই ক্ষেত্রত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে ক’ভিডৰ লগত যৎপৰােনাষ্টি মােকাবিলা কৰি আহিছে। আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ ন’ডেল বিষয়া বিপুল কুমাৰ দাসে উদ্দেশ্য ব্যাখা কৰাৰ লগতে ক’ভিড-১৯ৰ সম্পর্কত সকলাে তথ্য বিবৰি এক পাৱাৰ পইণ্ট প্রেজেন্টেশ্বনৰ জৰিয়তে উপস্থাপন কৰে। জনসাধাৰণক কোভিড-১৯ টেষ্ট কৰিবৰ বাবে ওলাই আহিবলৈ সজাগ কৰিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পাৰি এই সন্দৰ্ভত আলােচনা কৰা হয়। সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচাই জিলা প্রশাসন, আৰক্ষী প্রশাসন আৰু স্বাস্থ্য বিভাগৰ কর্ম তৎপৰতাৰ বাবে প্রশংসা কৰে। তেও কয় যে সকলােৰে সহযােগিতা আগবঢ়ালেহে ক’ভিড-১৯ৰ চেইনডাল সােনকালে শেষ হ’ব আৰু সকলােৱে টেষ্ট কৰিবলৈ আগবাঢ়ি আহিলেহে আমি ক’ভিড-১৯ৰ পৰা মুক্ত হ’ব পাৰিম।
জিলা উপায়ুক্ত ৰশ্মি অপৰাজ্ঞি কৰাটীয়ে সভাত উপস্থিত ব্যক্তিসকলৰ জৰিয়তে এই মহামাৰীৰ ত্ৰাসৰ সময়ত জিলা প্রশাসনৰ সকলাে নীতি-নির্দেশনা মানি সহযােগিতা আগবঢ়ােবাৰ কাৰণে যােৰহাটবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। উপায়ুক্ত গৰাকীয়ে কয় যে ঘৰৰ মানুহক বিপদত নেপেলােৱাকৈ বেলেগে থাকিব পৰাকৈ কোঠা আৰু টয়লেটৰ সুবিধা থকা ইচ্ছুক ক’ভিড-১৯ পজিটিভ ৰােগীসকলক ইতিমধ্যে চিকিৎসালয়ৰ সলনি ঘৰত থকাৰ অনুমতি প্রদান কৰা হৈছে। ইতিমধ্যে যোৰহাটত ৰেপিড এণ্টিজেন টেষ্ট (RAPID ANTIGEN TEST) আৰম্ভ কৰা হৈছে আৰু এই টেষ্টৰ জৰিয়তে আধা ঘণ্টাতে ক’ভিড-১৯ৰ ফলাফল লাভ কৰিব পৰা যায়। জিলাখনত এতিয়ালৈকে ১২৭৫জন ক’ভিড-১৯ আক্রান্ত ৰোগী চিনাক্ত হৈছে তাৰ ৭৪৯ জন ৰোগী বর্তমান চিকিৎসাধীন হৈ আছে বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে। উপায়ুক্তই লগতে কয় যে যিসকল ৰোগী ইতিমধ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে তেওঁলােকক সন্মান জনােৱা উচিত।

 আজিৰ পর্যালোচনা সভাত আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই আৰু সূর্য কমল বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ইমদাদ আলি, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, আটাছু, বীৰ লাচিত সেনা, আটছা, আছা, আমছু, চেম্বার্চ অৱ কমার্চ, উজনি অসম চেম্বার্চ অৱ কমার্চ, যোৰহাট উকিল সন্থা, যোৰহাট গড়আলি সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, যােৰহাট প্ৰেছ ক্লাৱ আদিৰ সংগঠন আৰু অনুষ্ঠানসমূহৰ  বিষয়ববীয়াসকলৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু জিলা প্রশাসনৰ জেষ্ঠ্য বিষয়াসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *