Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত কা বাতিলৰ দাবীত আছুৰ বৃহৎ বাইক ৰেলী

গণবাৰ্তা বিশেষ,যোৰহাট ১৯ আগষ্ট :  নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ এবাৰ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু| আজি যোৰহাটত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা খনৰ আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সংগঠনটোৱে এক বাইক ৰেলী বাহিৰ কৰি কা বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে| যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীত সংগঠনটোৰ  কেইবাশতাধিক সদস্যই অংশগ্ৰহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে| ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল গ’ বেক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ’বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানে যোৰহাট কপাই তোলে প্ৰতিবাদকাৰী সকলে| উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে পূৰ্বতে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ় লৈ উঠিছিল যত অসমীয়া জাতি সংস্কৃতি ৰক্ষাৰ বাবে প্ৰতিজন স্বাভিমানী অসমীয়াই সমৰ্থন জনাই ৰাজপথলৈ ওলাই আহিছিল| পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৱে গনতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিছে আৰু এই আন্দোলনৰ অংশস্বৰূপে আজি যোৰহাট কপাই তোলে সংগঠনটোৱে| ক’ৰোনা মহামাৰীৰ মাজতে মুখত মাক্স পিন্ধি চৰকাৰী নীতি নিৰ্দেশনা মানি চলি আজি প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰী সকলে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক সকীয়াই দি কয় অসম বিদেশীৰ চৰনীয়া পথাৰ নহয়| অসমীয়াৰ স্বাভিমান, জাতি সংস্কৃতি, ভাষা, থলুৱা লোকৰ স্বাধীনতা খৰ্ব কৰিব পৰা তথা অসমীয়াৰ আত্ম নিয়ন্ত্ৰনৰ স্বাধীনতা খৰ্ব কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯ অসমীয়াই মানি লোৱা নাছিল এতিয়াও মানি লোৱা নাই আৰু ভৱিষ্যতলৈও মানি নলয়| এই জাতি ধ্বংসী আইন বাতিল কৰিবই লাগিব বুলি দাবী তুলি কয় যে আইন বাতিল নকৰিলে জাতিৰ সংকটৰ কালত ৰাইজৰ লগ হৈ অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব| বাইক ৰেলীত অংশ গ্ৰহন কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰাজপথত আন্দোলন কৰি বৰ্তমান মুখ্যমন্ত্ৰীৰ আসনত বহিছে| তেওঁ এটা সময়ত ৰাজপথত এনেদৰেই চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল| কিন্তু শাসনৰ গাদী দখল কৰি অসমীয়াৰ আৱেগৰ লগত খেলা কৰি তেওঁ ৰাজপথৰ আন্দোলনৰ কথাবোৰ পাহৰি গ’ল| অসমীয়াই তেওঁক কেতিয়াও ক্ষমা নকৰে| বিদেশী নালাগে বুলি দাবী কৰি শ্লগান দিয়া সৰ্বাই এতিয়া বিদেশীৰ পক্ষ লৈ বিদেশীক ৰঙা দলিছা পাৰি দিছে| বিদেশী খেদিব বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি পাহৰি নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা বিদেশী আনিবলৈ চেষ্টা কৰিছে| গতিকে সৰ্বা আৰু মোদী এজনেও অসমীয়া ৰাইজৰ পৰা ৰক্ষা নাপাব বুলি দাবী কৰি ছাত্ৰ নেতা জনে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল নোহোৱালৈকে ৰাজপথৰ এই আন্দোলন চলি যাব বুলি স্পষ্ট কৰি দিয়ে|

Leave a Reply

Your email address will not be published. Required fields are marked *