Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত কৃষি মন্ত্ৰী অতুল বৰা 

গণবাৰ্তা বিশেষ, যোৰহাট: জুলাই,২৭ :  অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই  আজি যোৰহাট আৱৰ্ত ভৱনত জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জী কৰাটীকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয়৷ জিলাখনত ক’ভিড-১৯ ৰ সংক্ৰমণ, গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰ, বানত হোৱা ক্ষতি, বন্যাৰ্ত লোকক সাহাৰ্য প্ৰদান আৰু পশুধনৰ খাদ্য যোগান, কৃষকক বীজ যোগান আদি বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে৷ সংশ্লিষ্ট বিভাগসমূহৰ মূৰব্বী বিষয়াসকলক অতি সোনকালে যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ বৰ্তমান সময়ত জাপানীজ এনকেফেলাইটিচ আৰু ছোৱাইন ফিভাৰ আদি ৰোগৰ ক্ষেত্ৰত সাবধানতা অবলম্বন কৰিবলৈ  গাৱে গাৱে সজাগতাৰ সৃষ্টি কৰিবলৈ কয় ৷ ইতিমধ্যে জিলাখনৰ ভিতৰোৱা গাওঁসমূহত জনসংযোগ বিভাগৰ মোবাইল মাইকিংৰ জৰিয়তে সজাগতা কৰি থকা হৈছে৷ মন্ত্ৰীগৰাকীয়ে ক’ভিড- ১৯ মহামাৰীৰ ফলত বহি ৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলৰ বাবে যোৰহাট জিলা প্ৰশাসনে কৰ্ম সংস্হাপনৰ কাৰণে হাতত লোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰে৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (National Food Security Mission),HMNEH(উদ্যান শস্য) আদি আঁচনিসমূহৰ জৰিয়তে শ্ৰমিকসকলক কৰ্ম সংস্হাপনৰ ব্যৱস্হা কৰাৰ বিষয়ে কয়৷সভাত দেৰগাওঁ সমষ্টিৰ বিধায়ক ভবেন ভৰালী, জিলা  অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই,স্বাস্হ্য বিভাগৰ ন’ডেল বিষয়া বিপুল কুমাৰ দাস, দুৰ্যোগ প্ৰশমন বিভাগৰ ন’ডেল বিষয়া দামোদৰ বৰ্মন, ৰাজহ চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক,জিলা কৃষি বিষয়া, পশুপালন বিভাগৰ জিলা বিষয়া, খণ্ড উন্নয়ন বিষয়া আদি উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *