Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটত কৰ্মবিৰতিত বহিল বি এছ এন এলৰ নিম্ন বৰ্গ কৰ্মচাৰী: ২০ মাহে নাই প্ৰাপ্য মজুৰি 

গণবাৰ্তা বিশেষ, যোৰহাট ২০ আগষ্ট:  নিজৰ প্ৰাপ্য মজুৰি ২০ মাহ পৰ্য্যন্ত ধৰি নোপোৱাত বিভাগীয় কৃতপক্ষ ওচৰত লিখিত আবেদন জনাই পাবলগীয়া মজুৰি আদায় কৰিবলৈ অনুৰোধ জনাই আজিৰ পৰা কৰ্মবিৰতি পালন কৰি   প্ৰতিবাদ সাব্যস্ত কৰে বি এছ এন এলৰ যোৰহাট কাৰ্য্যালয়ৰ নিম্ন বৰ্গৰ কৰ্মচাৰী সকলে । প্ৰাপ্য মজুৰিৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবী তোলে কৰ্মচাৰী সকলে ।আজিৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্য্যসুচীৰ পিছতো যদি কাৰ্য্যালয়ৰ উৰ্দ্ধতম কতৃপক্ষ তেওঁলোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়ি নাহে তেতিয়া জংগী আন্দোলন গঢ়ি তুলিবলৈ কৰ্মচাৰী সকল বাধ্য হ’ব বুলিও স্পষ্ট কৰি দিয়ে প্ৰতিবাদী কৰ্মচাৰী সকলে । উললেখযোগ্য যে বিগত ২০ মাহ দিন বিনা বেতনত নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি অহা কৰ্মচাৰী সকলৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত আহি পৰিছে চৰম সমস্যা । দৰমহা নোপোৱা বাবে পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ পিছত ক্ষোভত ফাটি পৰি অৱশেষত প্ৰতিবাদত নামিবলৈ বাধ্য হয় কৰ্মচাৰী সকল| নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা কৰ্মচাৰী সকলে ইয়াৰ পূৰ্বেও বি এচ এন এল কতৃপক্ষক  বহু কেইবাৰ স্মাৰক পত্ৰ প্ৰদান কৰি দৰমহা প্ৰদানৰ অনুৰোধ কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কতৃপক্ষই । আজি প্ৰতিবাদী কৰ্মচাৰী সকলে যোৰহাট কাৰ্য্যালয়ৰ মহাপ্ৰবন্ধকক পুনৰ এবাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আজিৰ পৰা অৰ্নিদিষ্ট কাললৈ  কৰ্ম বিৰতি পালনৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ প্ৰাপ্য মজুৰি প্ৰদানৰ বাবে দাবী কৰে ।প্ৰতিবাদকাৰী সকলে এই ক্ষেত্ৰত  ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰী বিষয়া সকলকো বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহন কৰি কৰ্মচাৰী সকলক জীয়াই থাকিবলৈ সহায় কৰিবৰ বাবে অনুৰোধ জনাই । আনহাতে যদি অনতিপলমে কৰ্মচাৰী সকলৰ দাবী সমূহ বিভাগে পূৰণ নকৰে তেন্তে ভয়ানক জংগী আন্দোলন গঢ়ি তুলিবলৈ কৰ্মচাৰী সকল বাধ্য হব বুলি মন্তব্য কৰি প্ৰতিবাদী কৰ্মচাৰী সকলে কয় যে ইয়াৰ পিছত হব পৰা যিকোনো পৰিস্থিতিৰ বাবে বিভাগীয় কতৃপক্ষ জগৰীয়া হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *