
গণ বাৰ্তা,যোৰহাট ১ মে:– যোৰহাট জিলা বন বিভাগৰ এটা দলে আজি যোৰহাটৰ গৰু মৰা চাপৰিৰ পৰা এটা বৃহত আকাৰৰ চাম্বাৰ হৰিণ উদ্ধাৰ কৰে ।পহুটোৰ বয়স প্ৰায় দুই বছৰ বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে । উল্লেখ্য যে কোনো অভয়াৰণ্যৰ পৰা ওলাই আহি গাৱত প্ৰৱেশ কৰাত গাৱৰ ৰাইজে বন বিভাগত খৱৰ দিয়ে । খবৰ পাই যোৰহাট জিলা আঞ্চলিক বন বিষয়াৰ এটি দলে বাঘমৰা অঞ্চলত উপস্থিত হৈ পহুটো উদ্ধাৰ কৰি গিৱন অভয়াৰণ্যত এৰি দিয়ে ।