Monday , September 21 2020
শেহতীয়া খবৰ

Video | যোৰহাটত চিকিৎসকক হত্যা

যোৰহাটত পুনৰ নৃশংস হত্যাকাণ্ড : আৰক্ষীৰ তদন্ত অব্যাহত

Doctor murdered at home in Jorhat, Assam

যোৰহাটত পুনৰ হত্যাকাণ্ড । এই হত্যা কৰিলে এজন চিকিৎসকক চাওক এই প্ৰতিবেদন ।Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Saturday, 5 September 2020

 

গণ বাৰ্তা, যোৰহাট , ৫ ছেপ্টেম্বৰ : যোৰহাটত পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ।

শুকুৰবাৰে চিনামৰা মুৰমূৰীয়া চাহ বাগিচাত সংঘটিত হোৱা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাজাওতেই শনিবাৰে পুনৰ যোৰহাটৰ চন্দন নগৰত সংঘটিত হয় আন এক হত্যাকাণ্ড ।

ডা:ৰাহুল বসুমতাৰী নামৰ এজন কণিষ্ঠ চিকিৎসকক হত্যা।
যোৰহাটৰ ডা:জে কে শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক আছিল ডাঃ ৰাহুল বসুমতাৰী।

যোৰহাটৰ চন্দন নগৰৰ হীৰা প্ৰসাদ নাথ নামৰ এজন ব্যক্তিৰ ভাড়াঘৰৰ দ্বিতীয় মহলাত বিগত দুবছৰ ধৰি আছিল ৰাহুল।

ৰাহুলক ভাড়াঘৰতে কোনো অজ্ঞাত লোকে পাচলি কটা কটাৰীৰে ডিঙি কাটি হত্যা কৰে।

হত্যাকাৰীয়ে বসুমতাৰীক হত্যা কৰি লৈ যায় তেওঁৰ এ এচ ০৩ ৱাই ৮২৮১ নম্বৰৰ থাণ্ডাৰ্বাড মটৰ চাইকেলখনো।

ৰাহুল বসুমতাৰীৰ ঘৰ ওদালগুৰিত। আৰক্ষী উপস্থিত হৈ তদন্ত কৰিছে যদিও এতিয়ালৈকে হত্যাকাৰীৰ কোনো সন্ধান উলিয়াব পৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *