Home Editor's Pick যোৰহাটত দিনৰ দুই বজাতে নিস্তব্ধ : নৈশ সান্ধ্য আইন ...

যোৰহাটত দিনৰ দুই বজাতে নিস্তব্ধ : নৈশ সান্ধ্য আইন সম্পুৰ্ণ বলবৎ

23
0

গণ বাৰ্তা, যোৰহাট , ৫ মে : কোৰোনাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ৰাজ্য চৰকাৰে নতুন SOP জাৰি কৰিছে | দিনৰ ২ বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দ্দেশ দিয়াৰ লগতে সন্ধ্যা ৬ বজাৰ নৈশ সান্ধ্য আইন বলবৎ কৰাৰ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে । সেই নিৰ্দেশনা ৰাজ্যৰ বিভিন্ন ঠাইত লগতে সম্পূৰ্ণভাৱে যোৰহাটো বলবৎ হৈছে । যোৰহাট নগৰত ঔষধ প্ৰতিস্থানৰ বাহিৰে সকলো ব্যৱসায় প্ৰতিস্থান দিনৰ দুই বজাৰ লগে লগে আৰক্ষীয়ে বন্ধ কৰি দিয়ে । সন্ধিয়া ৬ বজাৰ লগে লগে নিস্তব্ধ হৈ পৰে যোৰহাট নগৰ । বিশেষ কতব্যৰত ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিৰ চলা ফুৰা কৰা দেখা পোৱা নাই যোৰহাট নগৰত । আৰক্ষী প্ৰশাসনেও এই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here