Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত দুদিনত দুটা আত্মহত্যাৰ ঘটনা

দৈনিক গণঅধিকাৰ, যোৰহাটঃ কালি যোৰহাট কৃষি বিশ্ববিদ্যালয়ত শস্য বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে নিজ কাৰ্য্যালয়ৰ কোঠাতে আত্মহত্যা কৰাৰ পিছত আজি যোৰহাট আই টি আইত অধ্যয়ণৰত এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ জিলাখনকে জোকাৰি যায়। ঘটনাৰ বিৱৰণি অনুসৰি, যোৰহাটৰ ফুকন আলিৰ এঘৰ মানুহৰ ঘৰত আজি পুৱা পেয়িং গেষ্ট ৰূপে থকা ঢকুৱাখনাৰ পল্লৱ গগৈ (২০) নামৰ ছাত্ৰজনৰ মৃতদেহ  চিলিঙত চিপ লৈ  উলমি থকা অৱস্থাত উদ্ধাৰ হয়।
ঘৰটোৰ মালিকে জনোৱা মতে যুৱকজনৰ মাকে যোৱা নিশা যুৱকজনক ফুন কৰিছিল যদিও ফুনত নাপায়। আজি পুৱা ভাৰাঘৰৰ মালিকক ছাত্ৰ জনৰ মাতৃয়ে জনায়। পল্লৱৰ খবৰ ল’বলৈ আহি কেইবাবাৰো কলিং বেল বজোৱাৰ পিছতো সহাৰি নোপোৱাত খিৰিকিৰে জুমি চাওঁতে পল্লৱৰ মৃতদেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ভাৰাঘৰৰ মালিকে।
পিচত সমগ্ৰ ঘটনা যোৰহাট আৰক্ষীক জনোৱাত যোৰহাট আৰক্ষী ঘটনা স্থলিত উপস্থিত হয় আৰু দণ্ডধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জে এম চি লৈ  প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, পল্লৱৰ ঘৰ ঢকুৱাখনাৰ সপতিয়াত আৰু পিতৃৰ নাম দুলাল গগৈ। আনহাতে মৃত পল্লৱ উক্ত ঘৰটোত প্ৰায় ১ বছৰ ধৰি বাস কৰি আহিছিল। অৱশ্যে লক ডাউনৰ আগে আগে তেওঁ নিজ ঘৰলৈ গৈছিল যদিও প্ৰায় এক মাহ মান আগতে যোৰহাটলৈ ঘুৰি আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *