Wednesday , September 23 2020
শেহতীয়া খবৰ

যোৰহাটত দুৰ্গোৎসৱ উদযাপনক লৈ প্ৰশাসনৰ সিদ্ধান্ত: প্ৰতিমাৰ উচ্চতা হ’ব সৰ্বোচ্চ ৫ ফুট 

গণবাৰ্তা বিশেষ, যোৰহাট, ৪ চেপ্তেম্বৰ :   শাৰদীয় দুৰ্গোৎসৱক লৈ সকলোৰে মনত কৌতুহল সৃষ্টি হৈ থকাৰ মাজতে আজি যোৰহাট জিলা  প্ৰশাসন আৰু যোৰহাট কেন্দ্ৰীয় দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি তথা দুৰ্গা পূজা উদযাপন সমিতিৰ মাজত হোৱা এক আলোচনাত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে দুৰ্গা পূজা আয়োজনৰ সিদ্ধান্ত গ্ৰহন কৰা হয়| এই সিদ্ধান্তৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে উদোক্তা সকলৰ লগতে সাধাৰণ ৰাইজ| অৱশ্যে পূজা উদযাপনৰ ক্ষেত্ৰত উদ্যোক্তা সকলে কেতবোৰ কঠোৰ নীতি নিয়ম পালন কৰিব লাগিব| আজি হোৱা আলোচনাত আগন্তুক দুৰ্গোৎসৱত কোনো ধৰণৰ প্ৰতিযোগীতা অনুস্থিত কৰিব নোৱাৰিব বুলি জিলা প্ৰশাসনে স্পষ্ট কৰি দি সকলো পূজা মণ্ডপত দুৰ্গা দেৱীৰ প্ৰতিমা সৰ্বোচ্চ ৫ ফুট হব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়| ইয়াৰোপৰি পূজামণ্ডপ সমূহত এক নিৰ্দিষ্ট সময়ৰ বাবে সৰ্বাধিক ২০ জন ব্যক্তিহে প্ৰবেশ কৰিব পাৰিব আৰু  প্ৰসাদ খিচিৰি আদি  বিতৰন কৰিব নোৱাৰিব| অৱশ্যে ফলমুল বিতৰন কৰিব পাৰিব বুলি জানিব দিছে কেন্দ্ৰীয় পূজা সমিতিয়ে| আনহাতে পূজা মন্দিৰ সমূহক বাদ দি আন পথৰ কাষত অনুস্থিত হোৱা দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত ১৫ অক্টোবৰৰ ভিতৰত সমিতি সমূহে স্থান সমূহৰ বিষদ বিৱৰন জিলা প্ৰশাসনক দিব লাগিব আৰু প্ৰশাসনে উক্ত স্থানত পূজা অনুস্থিত কৰিব পাৰিব নে নোৱাৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব| কেন্দ্ৰীয় পূজা সমিতিৰ লগত থকা ৮৫ খন পূজা সমিতিৰ অধিকাংশ বিষয়ববীয়া আজিৰ আলোচনাত উপস্থিত থাকে| কেন্দ্ৰীয় পূজা সমিতিৰ সম্পাদকে জনোৱা মতে পূজাৰ আৰতিৰ ক্ষেত্ৰতো থাকিব নিৰ্দিষ্ট নীতি নিয়ম| কেৱল পূজাৰীয়েহে আৰতি কৰাৰ সম্ভাৱনা অধিক আগন্তুক দুৰ্গোৎসৱত| আনহাতে কোনো ধৰণৰ শোভাযাত্রা উলিয়াব নোৱাৰিব পূজা সমিতি সমূহে| দেৱীৰ ভাষনত সৰ্বাধিক ৫ জন ব্যক্তি যাব পাৰিব আৰু সৰু গাড়ী ব্যৱহাৰ কৰিব লাগিব| ইয়াৰোপৰি বিসৰ্জনৰ সময়ত জিলা প্ৰশাসনে নিয়োজিত কৰা ব্যক্তিয়ে সকলো কাম কৰিব| মহালয়াৰ শোভাযাত্ৰা নিষিদ্ধ কৰা লগতে দুৰ্গোৎসৱৰ বাবে হাট বজাৰ সমূহ বন্ধ কৰা হৈছে| মুঠৰ ওপৰত কভিডৰ ভয়াবহ সামাজিক সংক্ৰমনৰ বাবে আগন্তুক দুৰ্গা পূজা কেৱল পৰম্পৰা ৰক্ষা কৰি অনুস্থিত কৰিব লাগিব ৰাইজে|

Leave a Reply

Your email address will not be published. Required fields are marked *