Home Main Stories যোৰহাটত নিশা ভয়ংকৰ অগ্নিকাণ্ড: ৮ টা বাসগৃহ ভষ্মীভূত

যোৰহাটত নিশা ভয়ংকৰ অগ্নিকাণ্ড: ৮ টা বাসগৃহ ভষ্মীভূত

22
0

গণবাৰ্তা বিশেষ, যোৰহাট ৮ মে’ : যোৰহাট চহৰৰ মাজৰ ১ নং ৱাৰ্ডৰ ডিগম্বৰ চুকত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।অগ্নিকাণ্ডত ৮ টাকৈ বাসগৃহ জ্বলি ভস্মীভূত হয়| উক্ত অঞ্চলৰ মৌচম দত্ত নামৰ ব্যক্তি জনৰ এটা ভাড়া ঘৰত অগ্নিসংযোগ হৈ কাষতে ভাড়া ঘৰ সমূহলৈ জুই বিয়পি পৰে আৰু পলকতে জুইৰ লেলিহান শিখাই ভস্মীভুত কৰে আটাইকেইটা বাসগৃহ| জানিব পৰা মতে মৌচুম দত্তৰ ঘৰত ভাৰতীয়া হিচাপে থকা ৰাজতীয়াৰ বিশাল দাস নামৰ লোকজনে পৰিয়ালৰ লগত কাজিয়া কৰি বাসগৃহ জ্বলাই দিবলৈ উদ্যত হয়| পৰৱৰ্তী সময়ত ভাড়া ঘৰৰ গৰাকীয়ে ঘটনা বিষয়ে জানিব পাৰি বিশালক এনে নকৰিবলৈ কোৱা স্বত্বেও বিশালে নিজৰ কাপোৰ কানি অগ্নি সংযোগ কৰি বাসগৃহটো জ্বলাই দিয়ে বুলি মন্তব্য কৰিছে স্বতাধিকাৰী মৌচুম দত্তই| ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও অগ্নিকাণ্ড স্থলীলৈ যোৱা পথচোৱা যথেষ্ট সৰু হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাত পলম হয় | অৱশ্যে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়| অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী ভষ্মীভূত হৈছে বুলি অনুমান কৰা হৈছে যদিও প্ৰকৃত পৰিমান এতিয়াও জানিব পৰা হোৱা নাই|

LEAVE A REPLY

Please enter your comment!
Please enter your name here