Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত বন্ধ হ’ল কেইবাখনো নাৰ্ছিং হোমঃ  ৰোগীৰ  হাহাকাৰ   

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ২৫ জুলাই ঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ বাবে যোৰহাটত বন্ধ হৈছে ইখনৰ পিছত সিখন নাৰ্ছিং হোম। নগৰৰ জেইল ৰোডত থকা কে জি নাৰ্ছিং হোমত কেইবাজনো কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱাত ইতিমধ্যে জিলা প্ৰশাসনে নাৰ্ছিং হোমখন ১৪ দিনৰ বাবে ছীল কৰি দিয়ে। আনহাতে সঞ্জীৱনী নাৰ্ছিং হোমৰ আঠজন কৰ্মচাৰীৰ দেহতো ক’ভিড পজিটিভ পোৱাৰ পাছত নাৰ্ছিং হোমখনত ৰোগীৰ ভৰ্তি আৰু চিকিৎসাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে। ইতিমধ্যে এ জি নাৰ্ছিং আৰু মিছন হাস্পতালত ৰোগী ভৰ্তি আৰু স্বাস্থ্য জিলা প্ৰশাসনে বন্ধ কৰি থৈছিল যদিও কালিৰে পৰা এ জি নাৰ্ছিং হোমত কেৱল অ’ পি ডি মুকলি কৰা হৈছে। ইফালে মেডিকেল কলেজ হাস্পতালত বহুকেইজন কনিষ্ঠ চিকিৎসক ক’ভিড পজিটিভ হোৱাত তালৈ ৰোগীসকল যাবলৈ ইচ্ছা নকৰা হৈছে । তাতে এই নাৰ্ছিং হোমকেইখনৰ বেছিভাগ চিকিৎসক, নাৰ্ছ কোৱাৰেন্টাইনত থাকিবলগীয়া হৈছে। ফলত এতিয়া অন্য বেমাৰৰ ৰোগীসকলৰ সমস্যাৰ সৃষ্টি  হৈছে। এতিয়া  তাৎক্ষণিকভাৱে কোনো ৰোগীক চিকিৎসা কৰাবলগীয়া হ’লে ৰোগী সমস্যাত পৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *