Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটত, বিজেপিৰ সভাপতি -সম্পাদক সহ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী কভিডত আক্রান্ত  

গণবার্তা বিশেষ, যোৰহাট, ২১ আগষ্ট : ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিজেপিৰ যোৰহাট জিলা সমিতিৰ সভাপতি কমাখ্যা মোহন দাস ,,সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ কভিডত আক্রান্ত হোৱাৰ খবৰে যোৰহাটত চাঞ্চল্যৰ সৃষ্টি হৈছে   । ইতিমধ্যে তেওঁলোকৰ  চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে  দেৰগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীও কভিডত  আক্রান্ত হৈছে। যোৱা কেইদিনমান ধৰি বিধায়ক জন জ্বৰ কাঁহত ভুগি আছিল আৰু আজি যোৰহাট মেডিকেল কলেজত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰে। তেওঁৰ অক্সিজেন লেভেল কিছু হ্ৰাস পোৱাত লগে লগে আই চি ইউ ত ভৰ্তি কৰা হয়। ইয়াৰ পিছতে এতিয়া ৰাজনৈতিক মহলৰ লগতে সাংসদ আৰু বিধায়কক বিভিন্ন কামৰ বাবে লগ কৰিবলৈ যোৱা সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ শংকা |

Leave a Reply

Your email address will not be published. Required fields are marked *